চিগাৰেটৰ বাবে চৰাইদেউৰ মথুৰাপুৰ চাহ বাগিচাত লংকা কাণ্ড, অগ্নিদগ্ধ এজন

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 11:13 AM IST

thumbnail

মৰাণ, 2 জানুৱাৰী : নৱবর্ষৰ আনন্দ উল্লাসৰ মাজতে চৰাইদেউৰ মথুৰাপুৰ চাহ বাগিচাত নিশা ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ বাইকত পেট্ৰ'ল ভৰাই থাকোতে অগ্নিদগ্ধ হয় বাগিচাখনৰ সহ পৰিচালক পংকজ ত্ৰিপাঠী নামৰ এজন ব্যক্তি ৷ ঘটনা অনুসৰি, নিশা পংকজে পূৰ্বে আনি থোৱা পেট্ৰ’ল ঘৰৰ চৌহতে বাইকত ভৰাই আছিল ৷ কিন্তু বাইকত পেট্ৰ’ল ভৰাই থকা সময়ত চিগাৰেট খাই আছিল পংকজে ৷ সেই জ্বলন্ত চিগাৰেটৰ বাবে দাউ দাউকৈ জ্বলি উঠে বাইকখন আৰু অগ্নিদগ্ধ হয় পংকজো ৷ আনহাতে আগ্নিদগ্ধ পংকজে নিজে জুই নুমুৱাৰ চেষ্টা কৰিছিল বাবে ঘৰৰ ভিতৰলৈ সোমাই গৈছিল ৷ ফলত ঘৰৰ কিছু সামগ্ৰীও জ্বলি উঠে ৷ 

অগ্নিকাণ্ডত পংকজৰ শৰীৰৰ প্ৰায় 90 শতাংশ অগ্নিদগ্ধ হয় ৷ ইফালে আহত পংকজক প্ৰথমে সোণাৰি অসামৰিক চিকিৎসালয়ত প্ৰথমে ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ 

স্থানীয় ৰাইজে কয়, ‘‘অগ্নিকাণ্ডৰ সময়ত তাৎক্ষণিকভাৱে জুই নুমুৱাবলৈ বাগিচাৰ পৰা দিয়া সামগ্ৰীয়ে কোনো কাম কৰা নাছিল ৷ খবৰ দিয়াৰ পাচতো ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হৈছিল অগ্নিনিৰ্বাপক বাহিনী ৷’’

লগতে পঢ়ক : পহিলা জানুৱাৰীত বৃহৎ ঘোষণা মন্ত্ৰী যোগেন মহনৰ, 2 লক্ষাধিক লোকে শীঘ্ৰে পাব মাটিৰ পট্টা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.