Guwahati Student murder case: হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মহৰ্ষি বিদ্যা মন্দিৰৰ অধ্যক্ষাৰ

By

Published : Aug 10, 2023, 4:53 PM IST

thumbnail

গুৱাহাটী, 10 আগষ্ট: মহানগৰীত বুধবাৰে দিনৰ ভাগত বোন্দা আমচাং ফৰেষ্ট কেম্পৰ সমীপতে থকা ঘন জংঘলৰ পৰা এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে  ৷ মৃত নীতেশ কুমাৰ আছিল ভেটাপাৰা মহৰ্ষি বিদ্যা মন্দিৰৰ দশম শ্ৰেণীৰ ছাত্ৰ ৷  

ইয়াৰ পিচতে লোমহৰ্ষক হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহৰ্ষি বিদ্যা মন্দিৰৰ অধ্যক্ষাই। অতি মেধাৱী আৰু নম্ৰ স্বভাৱৰ আৰু হাঁহিমুখীয়া আছিল নিতেশ কুমাৰ ৷ নীতেশ কুমাৰ কেৱল বুধবাৰৰ দিনটোতহে বিদ্যালয়ত অনুপস্থিত আছিল ৷

সংবাদ মাধ্যমত ছাত্ৰজন অপহৰণ হোৱাৰ কিছু কথা প্ৰচাৰ হোৱাৰ পিচতে বিদ্যালয় কৰ্তৃপক্ষই পৰিয়ালৰ লোকৰ সতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও নিশ্চিত তথ্য পোৱা নাছিল। আনহাতে নীতেশ কুমাৰৰ ভাতৃ প্ৰৱেশ কুমাৰো বুধবাৰে উপস্থিত আছিল বিদ্যালয়ত। 

উল্লেখ্য যে বুধবাৰৰ দিনটোতো মহানগৰীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্রৰ নীতিশ কুমাৰক অপহৰণ কৰা হৈছিল ৷ বুধবাৰে দিনৰ প্ৰায় ২.৩০ বজাত নীতেশ কুমাৰৰ পিতৃলৈ অচিনাক্ত নম্বৰৰ পৰা এটা ফোন কল আহিছিল । ফোনৰ সিটো মূৰৰ পৰা এজন যুৱকে নীতেশ কুমাৰক অপহৰণ কৰা বুলি উল্লেখ কৰি ৭ লাখ টকা মুক্তিপণ বিচাৰিছিল । তাৰ পিচতে বোন্দাত উদ্ধাৰ হৈছিল ১৩ বছৰীয়া ছাত্ৰ নীতেশ কুমাৰৰ মৃতদেহ। পৰৱৰ্তী সময়ত নিশা নীতেশ কুমাৰৰ হত্যাকাৰী অভিষেক বৰুৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

লগতে পঢ়ক: Murder at Bonda; গুৱাহাটীৰ ছাত্ৰক হত্যা; পদপথৰ ব্যৱসায়ীয়ে হত্যা কৰিলে নীতেশ কুমাৰক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.