Protest at jania: প্ৰতিবাদৰ এনে ৰূপ আপুনি চাগে ইতিপূৰ্বে দেখা নাই

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 2:25 PM IST

thumbnail

জনীয়া, 12 অক্টোবৰ : জনীয়াত এটা স্মৃতি গাঁত সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। "সন্মুখত বিধায়ক হাফিজ ৰফিকুল ইছলামৰ স্মৃতি গাঁত। সন্মুখত সাংসদ আব্দুল খালেকৰ স্মৃতি গাঁত। গাড়ী সাৱধানে চলাব ৷" 

এইদৰে এখন দলং নিৰ্মাণৰ বাবে বিধায়ক-সাংসদৰ বিৰুদ্ধে ৰাইজৰ অভিনৱ প্ৰতিবাদ দেখা গ’ল ৷ এই দলংখন হৈছে, বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ চাউলখোৱা নৈৰ ওপৰত থকা কান্দাপাৰা-কাদং সংযোগী পকী দলং ৷ উল্লেখ্যে যে, কেইবাবছৰ পূৰ্বে সেই ঠাইত এখন কাঠৰ দলং আছিল । কাঠৰ দলংখন বানপানীৰ সময়ত পানীৰ সোঁতে উটুৱাই লৈ যোৱাৰ পিচতে চৰকাৰে এখন পকী দলং আৱন্টন দিছিল ৷ 

কিন্তু দলং নিৰ্মাণৰ কামত ব্যাপক লেহেমীয়া হোৱাৰ পিচতো আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল দলং নিৰ্মাণৰ কাম। দীৰ্ঘদিনৰ পৰা দলংখনৰ দুয়োফালে খহি গাঁতৰ সৃষ্টি হোৱাত যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে পথচাৰীয়ে । ফলত পথটোত সঘনাই দুৰ্ঘটনাৰ সংঘটিত হৈছে ৷  যাৰ বাবে ৰাইজে উপায়ন্তৰ হৈ দলঙৰ গাঁতত জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকৰ নামত এইদৰে পোষ্টাৰ লগাই প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে, ৰাইজে বিধায়ক-সাংসদক অকৰ্মণ্য আৰু উন্নয়ণৰ ক্ষেত্ৰত জিৰ’ বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে সকলো পক্ষৰ সুদৃষ্টি কামনা কৰে।

লগতে পঢ়ক: Drugs paddler arrested: খানাপাৰাত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.