Jonai Bihu: জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙালী বিহু সন্মিলন উদযাপনৰ লাইখুঁটা স্থাপন

By

Published : May 5, 2023, 7:09 PM IST

thumbnail

জোনাই, 5 মে’ : বৃহত্তৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙালী বিহু সন্মিলন উদযাপনৰ বাবে শুকুৰবাৰে লাইখুঁটা স্থাপন কৰে উদযাপন সমিতিয়ে । উল্লেখযোগ্য যে, কৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱে বিগত কিছু বছৰ ধৰি জোনাইত বৃহত্তৰ ৰঙালী বিহু উদযাপনত কিছু প্ৰভাৱ পেলোৱাত ৰঙালী বিহু সন্মিলন উদযাপন কৰিব পৰা নাছিল যদিও এই বছৰৰ পৰা পুনৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অহা ১২ আৰু ১৩ মে' তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব বৃহত্তৰ জোনাই ৰঙালী বিহু সন্মিলনখন (Rangali bihu sanmilan in Jonai) ।

আজিৰ এই ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন অনুষ্ঠানত উদযাপন সমিতিৰ বিষয়ববীয়াৰ লগতে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ কেইবাজনো সদস্য উপস্থিত থাকে । গতিকে এই বৃহত্তৰ জোনাই ৰঙালী বিহু সন্মিলনখন সফল ৰূপায়ণাৰ্থে সমূহ জোনাইবাসী ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰিছে উদযাপন সমিতিৰ লগতে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে (laying of laikhuta in Jonai for Rangali bihu)।

লগতে পঢ়ক : Rongali Tingkhong-2023: আচুৰ্য বৰপাত্ৰৰ সৈতে বিহু জুৰিলে মন্ত্ৰী বিমল বড়াই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.