Rongali Tingkhong-2023: আচুৰ্য বৰপাত্ৰৰ সৈতে বিহু জুৰিলে মন্ত্ৰী বিমল বড়াই

By

Published : May 5, 2023, 6:07 PM IST

thumbnail

মৰাণ,৫ মে': বৃহস্পতিবাৰৰ পৰা টিংখাঙত আৰম্ভ হৈছে উত্তৰ-পূবৰ কথা-সুৰ-ৰং-সোৱাদৰ অপূৰ্ব সমাহাৰ ৰঙালী-ৰঙালী টিংখাং-২০২৩ (Rongali Tingkhong-2023) । তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানটি । উত্তৰ-পূৱৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমাহাৰেৰে অনুষ্ঠিত হোৱা এই ৰঙালী টিংখাং ২০২৩ ত নিশা মন্ত্ৰী বিমল বড়াই শিল্পী আচুৰ্য বৰপাত্ৰৰ সৈতে একেলগে গালে বিহু (Bimal Bora performs Bihu with Asurya Barpatra) ।  

ৰিণিকি ৰিণিকি..., টিপ টপ...কে ধৰি কেইবাটাও জনপ্ৰিয় বিহু গীত মন্ত্ৰীগৰাকীয়ে সভাস্থলীৰ পৰাই শিল্পীজনৰ সৈতে গুণগুণাই (Minister Bimal Bora) । গীতৰ তালে তালে ৰাইজেইও বজালে হাত চাপৰি । উল্লেখ্য যে এই অনুষ্ঠানতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ গীত-মাত, লোকনৃত্য,পৰম্পৰাগত খাদ্য, খেল-ধেমালি, পোছাক পৰিচ্ছদ আদিক একেখন মঞ্চতে উপস্থাপন কৰাৰ প্ৰয়াস কৰা হয় । 

লগতে পঢ়ক: Bihu programme in Tinsukia: তিনিচুকীয়াৰ বিহু অনুষ্ঠানত অথন্তৰ; জুবিনক নেদেখি বিমুখ হৈ উভতিল দৰ্শক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.