Lakshmi puja 2023: মৰিগাঁৱত লক্ষ্মী পূজাৰ বিশাল আয়োজন

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 5:35 PM IST

thumbnail

মৰিগাঁও, 28 অক্টোবৰ : ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ বিভিন্ন লক্ষ্মী মন্দিৰত পুৱাৰ পৰা অব্যাহত আছে শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ বিভিন্ন কাৰ্যসূচী । ধন দৌলত, ঐশ্বৰ্য বিভূতিৰ গৰাকী শ্ৰীশ্ৰী লক্ষ্মী দেৱীৰ বন্দনাত মুখৰিত মৰিগাঁও চহৰ  । মৰিগাঁৱৰ সমীপৰ সিধাবাৰী আঞ্চলিক সাংস্কৃতিক বিকাশ চ’ৰাৰ উদ্যোগত তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰীশ্ৰী লক্ষ্মী পূজা থলীত পঞ্চাশখনকৈ পতাকা উত্তোলন কৰা হৈছে ।

মূল পতাকা উত্তোলন কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । আনহাতে মৰিগাঁৱৰ প্ৰবীণ শিক্ষাবিদ পোণাৰাম নাথে বন্তি প্ৰজ্বলনৰ জৰিয়তে আনুষ্ঠানিকভাৱে শ্ৰীশ্ৰী লক্ষ্মীপূজাৰ সোণালী জয়ন্তী মহোৎসৱৰ শুভাৰম্ভণি কৰে । ভাগৱত ভ্ৰমণ আৰু বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আঁত ধৰে সমাজসেৱক ধৰণী বুঢ়াগোঁহায়ে । নিশাৰ ভাগত অনুষ্ঠিত হ’ব অংকীয়া ভাওনা "সুযোগ্য ৰজাৰ ধৰ্ম পৰীক্ষা" ৷

সমান্তৰালকৈ "মহা ফুলৰ সমাধি" উদ্বোধন কৰিব অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । আনহাতে শেষ নিশাৰ কাৰ্যসূচীত পশ্চিম সিধাবাৰীৰ কেওট চুবুৰীৰ শিশুসকলৰ দ্বাৰা ‘অজয় শাপমুক্ত’ শীৰ্ষক অংকীয়া ভাওনাৰে তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰ অন্ত পৰিব বুলি জনাইছে উদযাপন সমিতিয়ে ।

লগতে পঢ়ক : Lakshmi puja 2023: চিৰাঙত ১২ দিনীয়া লক্ষী পূজা আৰু মেলা মহোৎসৱৰ আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.