ETV Bharat / state

Lakshmi puja 2023: চিৰাঙত ১২ দিনীয়া লক্ষী পূজা আৰু মেলা মহোৎসৱৰ আয়োজন

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 1:52 PM IST

Chirang Laxmi Puja and mela
লক্ষী পূজা আৰু মেলা মহোৎসৱৰ আয়োজন

চিৰাং জিলা সদৰ কাজলগাঁৱত ১২ দিনীয়াকৈ লক্ষী পূজা আৰু মেলা মহোৎসৱৰ আয়োজন কৰা হৈছে ৷ ২৮ অক্টোবৰৰ গধূলি শুভ উদ্বোধন কৰিব বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ৷

লক্ষী পূজা আৰু মেলা মহোৎসৱৰ আয়োজন

চিৰাং, 28 অক্টোবৰ : চিৰাং জিলাৰ সদৰ কাজলগাঁৱস্থিত লক্ষী মন্দিৰত ২৮ অক্টোবৰৰ পৰা ৮ নৱেম্বৰলৈ ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৬৩ সংখ্যক শ্ৰীশ্ৰী লক্ষী পূজা আৰু মেলা মহোৎসৱ । বৃহত্তৰ কাজলগাঁও অঞ্চলৰ জনসাধাৰণৰ মাজত ঐক্য, শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ উদ্যেশ্যৰে বিগত ১৯৬১ চনৰ পৰাই অঞ্চলটোৰ বিভিন্ন জাতি, ধর্ম, বর্ণ, ভাষা, নিৰ্বশেষে বিভিন্ন কাৰ্যক্ৰমণিকাৰে পালন কৰি অহা এই পূজা আৰু মেলা মহোৎসৱখনি বিগত ১৯৯০ চনৰ পৰা আধুনিক মেলাৰ প্ৰতিটো উপকৰণেৰে উদযাপিত হৈ আহিছে ।

চৰকাৰী পঞ্জীয়নভুক্ত এই পূজা আৰু মেলা সমিতিয়ে ইতিমধ্যে বজাৰ প্ৰাংগণত স্থায়ী লক্ষী মন্দিৰ, ব্ৰহ্ম মন্দিৰ আৰু শিৱ মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে । ডেৰ কোটি টকা বাজেটৰ এই মন্দিৰৰ নিৰ্মাণ কাৰ্য বিগত পাঁচ বছৰত ত্বৰান্বিত কৰি ইতিমধ্যে প্ৰায় ৫০ শতাংশ কাম সম্পন্ন হৈছে । অনৈক্যৰ মাজত ঐক্যৰ বার্তা কঢ়িয়াই অনা কাজলগাঁৱৰ এই ঐতিহ্যমণ্ডিত পূজা আৰু মেলাখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এইবেলি হেমন্ত বসুমতাৰীক সভাপতি, ছবিন্দ্ৰ নাৰ্জাৰীক কাৰ্যকৰী সভাপতি, দাতাৰাম ছেত্ৰী আৰু উমানন্দ ব্ৰহ্মক উপ-সভাপতি, ভৰত বসুমতাৰীক সাধাৰণ সম্পাদক, সঞ্জয় ছেত্ৰীক যুটীয়া সম্পাদক হিচাপে লৈ ৪১ জনীয়া সদস্য-সদস্যাৰে মূল কাৰ্যকৰী সমিতিখন গঠন কৰা হৈছে । লগতে কাজলগাঁৱৰ পাৰ্শ্বৱৰ্তী ২০ খন গাঁৱৰ শতাধিক প্ৰতিনিধিৰ অন্তর্ভুক্তিৰে মূৰ্তি পূজা, যজ্ঞাহুতি, বিত্ত, খাদ্য, ভূমি বিতৰণ, স্বেচ্ছাসেৱক, গেট আৰু পেণ্ডেল, বিদ্যুৎ, স্বাস্থ্য, প্ৰচাৰকে ধৰি মুঠ ১৪ খন উপ সমিতি গঠন কৰি পূজা আৰু মেলাৰ কাম দ্ৰুত গতিত আগবঢ়াই নিয়া হৈছে ।

উল্লেখ্য যে, ২৮ অক্টোবৰত বিয়লি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে এই লক্ষী পূজা আৰু মেলা মহোৎসৱখনি অনুষ্ঠানিকভাৱে উদ্বোধন কৰিব । এইবাৰৰ পূজা আৰু মেলাত বিশেষ আকার্ষণ হিচাপে থাকিব মিনা বজাৰ, ৰাষ্ট্ৰীয় বাণিজ্য মেলা, চার্কাছ, বড়ো ভিডিঅ’ কথাছবি, নাগৰদলা, ব্ৰেক ডান্স আদি । লক্ষী পূজা আৰু মেলা সমিতিয়ে এইবেলি নিৰ্ধাৰিত এলেকাৰ ভিতৰত যি কোনো ধৰণৰ জুৱা খেল আৰু মাদক দ্ৰব্য বিক্ৰী আৰু সেৱন নিষিদ্ধ ঘোষণা কৰিছে । একেদৰে জিলাখনৰ বিজনীতো আজিৰে পৰা ১২ দিনীয়াকৈ অনুষ্ঠিত হ’ব লক্ষী পূজা আৰু মেলাৰ ।

লগতে পঢ়ক : Laxmi puja preparation: লক্ষী দেৱীৰ আশীৰ্বাদত পাইয়ো যাব পাৰে এখন বাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.