Laxmi puja preparation: লক্ষী দেৱীৰ আশীৰ্বাদত পাইয়ো যাব পাৰে এখন বাছ

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 4:39 PM IST

Updated : Oct 27, 2023, 4:55 PM IST

thumbnail

বৰপেটা, ২৭ অক্টোবৰ : শক্তিৰূপিনী দেৱী দূৰ্গাৰ পূজা মহোৎসৱৰ সামৰণিৰ পিচতেই ৰাজ্যজুৰি আৰম্ভ হৈছে ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী মহালক্ষীৰ পূজা মহোৎসৱৰ আয়োজন ৷ বৰপেটাৰ কেওঁটকুছিত শনিবাৰৰ পৰা অনুষ্ঠিত হ’ব ৮৭ সংখ্যক মহালক্ষী পূজা মহোৎসৱ ৷ ইতিমধ্যে শ্ৰীমহালক্ষী পূজা মহোৎসৱ উদযাপনৰ প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উদযাপন সমিতিয়ে ৷ কেওঁটকুছিত শনিবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া মহালক্ষী পূজা উদযাপন সন্দৰ্ভত শুকুৰবাৰে উদযাপন সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰি পূজাৰ কাৰ্যসূচী সম্পৰ্কে সাংবাদিকক অৱগত কৰে ৷

উদযাপন সমিতিয়ে জনোৱা মতে, ২৮ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেওঁটকুছিত শ্ৰীশ্ৰীমহালক্ষী পূজা অনুষ্ঠিত হ’ব ৷ শ্ৰীশ্ৰীমহালক্ষী পূজা মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতিদিনে বিভিন্ন প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠান, ঢুলীয়া, ওজাপালি, নাম আদি প্ৰদৰ্শন কৰা হ’ব । বিশেষকৈ সামৰণিৰ অনুষ্ঠানত কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে অনুষ্ঠান পৰিবেশন কৰিব ৷

ইপিনে মহালক্ষী পূজাৰ সৈতে সংগতি ৰাখি এখন উপহাৰ কুপন খেল অনুষ্ঠিত কৰা হৈছে ৷ ১০০ টকা মূল্যৰ টিকটৰ বিনিময়ত এইবাৰ প্ৰথম পুৰস্কাৰ হিচাপে এখন বাছ আৰু আন কেবাখনো বিলাসী চাৰিচকীয়া বাহন আগবঢ়োৱা হৈছে ৷ নামনি অসমৰ ভিতৰতে বিশেষভাৱে উল্লেখযোগ্য পূজা হিচাপে পৰিচিতি লাভ কৰা কেওঁটকুছিৰ পূজা মহোৎসৱত ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজকসকলে ৷

লগতে পঢ়ক : Laxmi Puja 2023: শ্ৰীশ্ৰীসৌভাগ‍্য মাধৱ দেৱালয়ত শ্ৰীশ্ৰীলক্ষ্মী পূজাৰ আয়োজন

Last Updated : Oct 27, 2023, 4:55 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.