Laxmi Puja 2023: শ্ৰীশ্ৰীসৌভাগ‍্য মাধৱ দেৱালয়ত শ্ৰীশ্ৰীলক্ষ্মী পূজাৰ আয়োজন

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 8:45 AM IST

thumbnail

কলিয়াবৰ, 27 অক্টোবৰ : শ্ৰীশ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু 1446 শকত আহোম স্বৰ্গদেউ শিৱ সিংহৰ ৰাজত্ব কালত প্ৰতিষ্ঠিত শ্ৰীশ্ৰী সৌভাগ্য মাধৱ দেৱালয় ঐতিহ‍্যমণ্ডিত কলিয়াবৰৰ অন‍্যতম ইতিহাস প্ৰসিদ্ধ সমল । এই দেৱালয়ত পূৰ্বৰে পৰা শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আৰু শ্ৰীকৃষ্ণৰ দৌল উৎসৱ আড়ম্বৰপূৰ্ণভাৱে পালন কৰি আহিছে ।

তাৰ সমান্তৰালকে ধন-ঐশ্বৰ্য‍ৰ আৰাধ‍্যা দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰো পূজা যোৱা কিছু বৰ্ষৰ পৰা বিভিন্ন কাৰ্য‍সূচীৰ পালন কৰি আহিছে । প্ৰতিবৰ্ষৰ দৰে এইবাৰো 28 অক্টোবৰত পালন হ'বলগীয়া শ্ৰীশ্ৰীলক্ষ্মী পূজাৰ ধৰ্মীয় অনুষ্ঠানৰ লগতে উদ‍্যোক্তাসকলে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে।

পূজা উপলক্ষে শিশুসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ’ব ‘‘পৰশুৰামৰ মাতৃহত‍্যা'’ ৷ লগতে মহিলাসকলো ব‍্যস্ত নামৰ আখৰাত ।আনহাতে, পূজাৰ দিনা দুপৰীয়াৰ পৰা অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত শ্ৰীকৃষ্ণৰ নৃত‍্য প্ৰতিযোগিতা । দিনজোৰা কাৰ্য‍সূচীৰে পুৱাৰে পৰা পালন কৰিবলগীয়া অনুষ্ঠানত ঊষা কীৰ্তন, নাম-প্ৰসংগৰ লগতে বিস্তৰ আয়োজন কৰিছে শ্ৰীশ্ৰীসৌভাগ‍্য মাধৱ দেৱালয় কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: Dergaon Youth Suicide Case : আৰক্ষীৰ অত্যাচাৰৰ বলি হৈ আত্মহনন কৰা অজয়ৰ আত্মাৰ সদগতি কামনাৰে প্ৰাৰ্থনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.