Lachit Divas at Tezpur: ৪০০ গছি চাকিৰে লাচিত স্মৰণ শোণিতপুৰ প্ৰেছ ক্লাবৰ

By

Published : Nov 24, 2022, 7:35 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ (400th birth anniversary of Lachit Borphukan) লগত সংগতি ৰাখি বৃহস্পতিবাৰে সন্ধিয়া তেজপুৰত শোণিতপুৰ প্ৰেছ ক্লাবৰ এক দৃষ্টিনন্দন অনুষ্ঠান (Lachit Divas at Sonitpur press club Tezpur) । ৪০০ গছি বন্তি প্ৰজ্বলন কৰি শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পথচোৱাত অনন্য পৰিৱেশৰ সূচনা । তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসে আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলনৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (Lightning programme at Tezpur for Lachit Divas) । ইয়াৰ পিছত তেজপুৰৰ সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তিসকলেও ইয়াত অংশগ্ৰহণ কৰে । আনহাতে, এই অনুষ্ঠানতে শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ সভাপতি, জ্যেষ্ঠ অধিবক্তা সুভাষ চন্দ্ৰ বিশ্বাসে দীৰ্ঘদিন ধৰি নিজাববীয়াকৈ প্ৰকাশ আৰু সম্পাদনা কৰি অহা নেপালী ভাষাৰ সাপ্তাহিক কাকত "দেশবাৰ্তা" আৰু অসমীয়া দৈনিক "অসম কাণ্ডাৰী"ৰ লাচিত বৰফুকন বিশেষ সংখ্যা দুটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.