Protest in NHPC: গেৰুকামুখত নদীবান্ধৰ বিৰুদ্ধে KMSS ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 8:50 PM IST

thumbnail

ধেমাজি,২৮ অক্টোবৰ: শুকুৰবাৰে গেৰুকামুখৰ থুনুকা পাহাৰ খহি বন্ধ হৈ পৰে টানেল । এন এইচ পি চিৰ দ্বাৰা নিৰ্মীয়মান ৫ টা টানেলৰ একমাত্ৰ সক্ৰিয় ১ নম্বৰ টানেলটোৰ পাহাৰ খহি শুকুৰবাৰে পুৱা বন্ধ হৈ পৰে । নদীবান্ধত ভূমিস্খলনৰ ফলত আটাইকেইটা ডাইভাৰ্চন টানেল বন্ধ হৈ পৰাৰ ফলত নদীৰ জলপৃষ্ঠ অস্বাভাৱিক ভাৱে হ্ৰাস পোৱা দেখা গৈছিল ।  

তাৰ পিছতেই শনিবাৰে পুনৰ নদীবান্ধৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠন । বৃহৎ নদীবান্ধ ভাঙি দিয়াৰ দাবী জনাই বিয়লিভাগত গেৰুকামুখস্থিত NHPC ৰ সমীপৰ । সোৱণশিৰি নদীত নামি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিয়ে ৷ প্ৰতিবাদীসকলে বৃহৎ নদীবান্ধ বন্ধ কৰক, বান্ধ আমাক নালাগে, NHPC গ' বেক, বিজেপি চৰকাৰ হুচিয়াৰ আদি নদীবান্ধ আৰু চৰকাৰ বিৰোধী শ্ল'গানেৰে গোগামুখৰ প্ৰতিবাদস্থলী কঁপাই তোলে প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক: AJYCP hold protest at NHPC gate: ধেমাজি গেৰুকামুখৰ NHPC ৰ প্ৰৱেশদ্বাৰত AJYCP ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.