KMSS protest at Raha: টোলগেট বন্ধ কৰাৰ দাবীত ৰহাত কৃষক মুক্তিৰ প্ৰতিবাদ

By

Published : Apr 10, 2023, 1:36 PM IST

thumbnail

ৰহা, 10 এপ্ৰিল : আকৌ প্ৰতিবাদ ৷ বিশেষকৈ টোলকৰ বৃদ্ধি আৰু টোলগেট বন্ধ কৰাৰ দাবীত ৰহাত অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ । যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয় পৰিষদ আদি কেবাটাও দল-সংগঠনে টোলকৰ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ মাজতে সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰহা টোলগেটত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (KMSS protest against Toll Tax Hike at Raha toll plaza)।

হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে টোলকৰ বৃদ্ধি বিৰোধিতা কৰাৰ লগতে অসমৰ পৰা সকলো টোলগেট বন্ধ কৰাৰ দাবী উত্থাপন কৰে (KMSS protest at Raha toll plaza)। ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰীৰ বাধা দিবলৈ উক্ত স্থানত মোতায়েন কৰা হয় শতাধিক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ লোকক ।

উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীত নগাঁও আৰু ৰহাৰ পৰা অহা কেবা শতাধিক প্ৰতিবাদকাৰীয়ে অংশ লয় ৷

লগতে পঢ়ক : Raha toll plaza controversy: ৰহা টোল প্লাজাৰ কৰ্মচাৰীৰ প্ৰহাৰত আহত ৩ আৰোহী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.