ETV Bharat / state

Raha toll plaza controversy: ৰহা টোল প্লাজাৰ কৰ্মচাৰীৰ প্ৰহাৰত আহত ৩ আৰোহী

author img

By

Published : Mar 1, 2023, 12:23 PM IST

পুনৰ বিৰ্তকত ৰহা টোল প্লাজা (Raha toll plaza)। টোল গেটৰ কৰ্মচাৰীৰ বিৰুদ্ধে যাত্ৰীক প্ৰহাৰৰ অভিযোগ । ৰছিদ বিচৰাৰ বাবেই টোল প্লাজাৰ কৰ্মচাৰীয়ে যাত্ৰীক কৰিলে প্ৰহাৰ ।

Raha toll plaza
পুনৰ বিৰ্তকত ৰহা টোল প্লাজা

ৰহা, ১ মাৰ্চ: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ টোলগেট বহুওৱাৰ যো-জা কৰি থকাৰ মাজতে আকৌ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ৰাজ্যৰ প্ৰথমখন টোলগেট হিচাপে পৰিচয় লাভ কৰা ৰহা টোল প্লাজা (Controversy in Raha toll plaza)। বিভিন্ন সময়ত বিতৰ্কৰ মাজত সোমাই থকা ৰহা টোল গেটৰ কৰ্মচাৰীৰ বিৰুদ্ধে পুনৰ অভিযোগৰ আঙুলি ৷ এইবাৰ অভিযোগ উত্থাপন কৰিছে এখন বাহনৰ ৩ গৰাকীকৈ আৰোহীয়ে । অভিযোগ অনুসৰি, ৰহা টোল গেটৰ কৰ্মচাৰীৰ প্ৰহাৰত গুৰুতৰভাবে আহত হয় এই ৩ গৰাকীকৈ লোক (Tollgate staff thrashed passengers)।

গুৱাহাটীৰ পৰা নগাঁও অভিমুখী এখন বাহনৰ যাত্ৰীয়ে ৰছিদ বিচৰাক লৈ ৰহা টোল গেটৰ কৰ্মচাৰীৰ সৈতে তৰ্ক-বিতৰ্ক হয় । টোল কৰৰ বিনিময়ত ৰছিদ দিয়াটো নিয়ম যদিও ৰহা টোল গেটৰ কৰ্মচাৰীয়ে ৰছিদ কিয় বিচাৰিবি বুলি কৈ গুৰুতৰভাৱে প্ৰহাৰ কৰে নগাঁও জিলাৰ হোজাইৰ মৌলানা ফাৰুক আহমেদ, মোস্তাফা আহমেদ আৰু ৰায়হান আহমেদক । ৰহা টোল গেটৰ কৰ্মচাৰীৰ প্ৰহাৰত গুৰুতৰভাবে আহত তিনিওগৰাকীকে ইতিমধ্যে নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে ।

উল্লেখ্য় যে ২০১৫ চনৰ ১৬ এপ্ৰিলত ৰহাত এই টোল গেটখন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (National Highways Authority of India) আৰম্ভ কৰিছিল যদিও স্থানীয় ৰাইজ আৰু বিভিন্ন দল, সংগঠনৰ তীব্ৰ প্ৰতিবাদত দুদিনতে বন্ধ হৈছিল । স্থানীয় ৰাইজৰ আশংকা আছিল যে ৰহাৰ এই টোল গেটখন আৰম্ভ হলে সৰু যান-বাহনে প্ৰতিবাৰত অহা যোৱাৰ নামত ২০০ ৰ পৰা ৩০০ টকা আৰু লঘু বাণিজ্যিক বাহনসমূহে ৩০০ ৰ পৰা ৫০০ টকাকৈ কৰ টোলগেট কৰ্তৃপক্ষক আদায় দিব লাগিব । যাৰ বাবে দাম বাঢ়িব খাদ্য সামগ্ৰীকে ধৰি নগাঁও-গুৱাহাটীৰ মাজত চলাচল কৰা যান-বাহনৰ ভাড়া ।

2016 চনত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ৰহাৰ এই টোল গেট পুনৰ খুলিবলৈ লোৱাত NHAIৰ এই হঠকাৰী সিদ্ধান্ত চৰকাৰী পৃষ্ঠাপোষকতাৰে আৰম্ভ কৰিবলৈ লোৱা চিণ্ডিকেটৰাজৰ বাহিৰে আন একো নহয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰি টোল গেটখন বন্ধ ৰখাৰ বাবে চৰকাৰক অনুৰোধ কৰিছিল যদিও চৰকাৰে এই টোল গেটখন পুনৰ ২০১৮ চনত মুকলি কৰে । এইবাৰো বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোল গেটখন বন্ধ কৰি ৰাখে যদিও পুনৰ চৰকাৰী পৃষ্ঠপোষকতাত ২০২০ চনত মুকলি কৰে । আনহাতে, মুকলি কৰাৰ পিছৰে পৰা এই টোল গেটখনৰ কৰ্মচাৰীৰ আচৰণৰ বাবে টোল গেটখনক লৈ প্ৰায়ে বিতৰ্ক হৈ আহিছে ।

লগতে পঢ়ক:AAP on Electricity tariff hike: মন্দাৰ সময়তো পুঁজিপতিক ২০ কোটি টকাৰ বিদ্যুৎ মাচুল ৰেহাই APDCL ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.