ETV Bharat / state

AAP on Electricity tariff hike: মন্দাৰ সময়তো পুঁজিপতিক ২০ কোটি টকাৰ বিদ্যুৎ মাচুল ৰেহাই APDCL ৰ

author img

By

Published : Mar 1, 2023, 8:23 AM IST

Updated : Mar 1, 2023, 1:18 PM IST

electricity tariff hike Hearing at AERC
২০ কোটি টকাৰ বিদ্যুৎ মাচুল ৰেহাই APDCL

বিদ্যুৎ বিল বৃদ্ধিৰ ৰাজহুৱা শুনানি মংগলবাৰে অনুষ্ঠিত হয় ছয়মাইলস্থিত অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ কাৰ্যালয়ত (Hearing on electricity tariff hike at AERC ) ৷ আম আদমি পাৰ্টীয়ে শুনানি অনুষ্ঠানত অংশগ্ৰহণ কৰি বিদ্যুৎ মাছুল বৃদ্ধিৰ বিৰোধিতা কৰা লগতে APDCL সন্দৰ্ভত আগবঢ়ায় বহু বিস্ফোৰক তথ্য (AAP on Electricity tariff hike in Assam) ৷

মন্দাৰ সময়তো পুঁজিপতিক ২০ কোটি টকাৰ বিদ্যুৎ মাচুল ৰেহাই APDCL ৰ

গুৱাহাটী, 1 মাৰ্চ : ৰাজ্যত ক্ৰমবৰ্ধিত হাৰত বৃদ্ধি পাই আহিছে বিদ্যুৎ মাচুল (Electricity tariff hike in Assam) ৷ লোকচানৰ দোহাই দি APDCL কৰ্তৃপক্ষই নিজ খেয়াল খুচিমতে বৃদ্ধি কৰি অহা পৰিলক্ষিত হৈছে বিদ্যুৎ নিৰিখ ৷ এই সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ কাৰ্যালয়ত এক ৰাজহুৱা শুনানি অনুষ্ঠিত হয় মংগলবাৰে ৷

মঙ্গলবাৰে ছয়মাইলস্থিত অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই ৰাজহুৱা শুনানি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে আপ, অসমেও (Hearing on electricity tariff hike at AERC )। অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্চয় কৃষ্ণৰ অধ্যক্ষতাত ৰাজ্যত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ কৰাৰ সন্দৰ্ভত ৰাজহুৱা শুনানি অনুষ্ঠিত হয় ।

শুনানিত অংশগ্ৰহণ কৰা আম আদমী পাৰ্টীৰ সমন্বয়ক ডাঃ ভবেন চৌধুৰীৰ নেতৃত্বত এটা সঁজাতী দলে ধাৰাবাহিকভাৱে বিদ্যুৎ মাচুল বৃদ্ধি কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে । এই ৰাজহুৱা শুনানিত আপৰ ৰাজ্যিক যুটিয়া সমন্বয়ক জিতুল ডেকাই এপিডিচিএলৰ দুৰ্নীতি আৰু অপচয়ৰ বাবে হোৱা লোকচানৰ বোজা সাধাৰণ ৰাইজৰ মূৰত জাপি দিয়া কাৰ্যৰ বিৰোধিতা কৰি এপিডিচিএলৰ লোকচান আৰু দুৰ্নীতিৰ তদন্ত কৰিবলৈ এখন আয়োগ গঠন কৰিবলৈ অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগক অনুৰোধ জনায় । আম আদমি পাৰ্টীয়ে ১০০ শতাংশ ৰাজ্য চৰকাৰৰ শ্বেয়াৰ থকা এপিডিচিএলৰ খৰচ সন্দৰ্ভত অডিট ৰিপ'ৰ্ট বিচাৰিবলৈও অধ্যক্ষক অনুৰোধ জনায় (AAP on Electricity tariff hike in Assam)।

শুনানিত অংশগ্ৰহণ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত বক্তব্য আগবঢ়াই আপৰ ৰাজ্যিক যুটিয়া সমন্বয়ক জিতুল ডেকাই কয় যে, 2022 বৰ্ষৰ মাজভাগৰ পৰা প্ৰতি মাহে বিদ্যুৎ মাচুল বৃদ্ধি কৰি অহা পৰিলক্ষিত হৈছে । শুনানিত নিয়ামক আয়োগে লোকচানৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ যুক্তি আগবঢ়াইছে যদিও APDCL ৰ কৰ্মকাণ্ডই চকু কপালত তুলিছে বুলি কয় ডেকাই ৷ পূৰ্বে বিদ্যুৎ বিভাগৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰীক এখন বিলাসী বাহনত ভাড়া কৰি অনা হৈছিল যদিও কোম্পানীটোৰ এনে মন্দাৱস্থাৰ সময়ত একোজন বিষয়াক একোখনকৈ দামী গাড়ী ভাৰা কৰি‌ অনাৰ প্ৰয়োজনীয়তা ক’ত বুলি প্ৰশ্ন উত্থাপন কৰে ৷ সৰ্বসাধাৰণৰ মূৰত মাধমাৰ শোধাই এনে নীতি বন্ধ কৰাৰ দাবী তোলে আপে ৷

ইয়াৰোপৰি, বৰ্ধিত বিদ্যুৎ নিৰিখৰে ৰাজ্যবাসীৰ মূৰত মূল্যবৃদ্ধিৰ মাধমাৰ শোধাই থকাৰ সময়তো কিন্তু কোম্পানীটোৱে পুজিঁপতিৰ প্ৰতি দৰদ বৰ্তায় ৰাখিছে বুলি উল্লেখ কৰি বৰাক কনছট্টাক নামৰ কোম্পানীটোৱে ২৫ কোটি টকাৰ বিদ্যুৎ চুৰি কৰাৰ পিছতো ২০ কোটি টকা ৰেহাই দিয়া বুলি গুৰুত্বপূৰ্ণ তথ্য উত্থাপন কৰে ।

ইপিনে আম আদমী পাৰ্টীৰ সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে দিল্লীৰ কেজৰিৱাল চৰকাৰৰ বিদ্যুৎ মাচুল ৰেহাই তথা বিনামূলীয়া নীতি অসম চৰকাৰে অনুসৰণ কৰাৰ প্ৰতি আহ্বান জনায় ।

লগতে পঢ়ক : Hearing on power tariff hike: বিদ্যুৎ নিয়ামক আয়োগৰ কাৰ্যালয়ত বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত শুনানি

Last Updated :Mar 1, 2023, 1:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.