ETV Bharat / state

Hearing on power tariff hike: বিদ্যুৎ নিয়ামক আয়োগৰ কাৰ্যালয়ত বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত শুনানি

author img

By

Published : Mar 1, 2023, 7:46 AM IST

Assam Electricity Regulatory Commission at Sixmile
বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত শুনানি

মংগলবাৰে অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ কাৰ্যালয়ত মাচুল বৃদ্ধি সন্দৰ্ভত শুনানি অনুষ্ঠিত হয় (Hearing on electricity tariff hike at AERC ) ৷ APDCL কে ধৰি বিভিন্ন দল-সংগঠনৰ নেতৃত্ব উপস্থিত থাকে এই শুনানিত ৷ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব অহা মাৰ্চত ৷

বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত শুনানি

গুৱাহাটী, 1 মাৰ্চ : গুৱাহাটীৰ ছয়মাইলস্থিত অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ কাৰ্যালয়ত মংগলবাৰে বিদ্যুতৰ মাচুল বৃদ্ধি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত কৰা হয় (Hearing on power tariff hike at AERC ) । এই শুনানিত অংশগ্ৰহণ কৰে আম আদমী পাৰ্টি, অল আসাম ইলেকট্ৰিচিটি কনজুমাৰ এছ'চিয়েচনকে ধৰি কেইবাটাও ক্ষুদ্ৰ উদ্যাগৰ সদস্যকে ধৰি কেইবাটাও পক্ষই এই শুনানি গ্ৰহণত বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে যুক্তি দৰ্শায় ।

শুনানিত অংশগ্ৰহণ কৰি অল আসাম ইলেকট্ৰিচিটি কনজুমাৰ এছ'চিয়েচনৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে APDCL যিহেতু চৰকাৰৰ কোম্পানী, সেয়েহে মাচুল বৃদ্ধি সন্দৰ্ভত চৰকাৰে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰা উচিত । কাৰণ বৰ্ধিত বিদ্যুৎ মাচুল বৃদ্ধিয়ে সৰ্বসাধাৰণৰ মূৰত ৰামটাঙোন শোধাইছে ৷

চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াৰ পৰিমাণ ৰাইজে ভুগিব লাগিব আৰু ৰাইজৰ ক্ষোভৰ সম্মুখীন হ’ব লাগিব চৰকাৰ বুলিও শুনানিত উল্লেখ কৰা হয় । অন্যহাতে বিদ্যুতৰ মাচুল বৃদ্ধি তথা মিটাৰ সলনিত APDCL য়ে যিমান গুৰুত্ব দিছে, তাৰ বিপৰীতে গ্ৰাহকৰ অভাৱ অভিযোগ গ্ৰহণৰ বাবে যিবিলাক ফ’ৰাম গঠন কৰিব লাগে তেনেবোৰ গঠন কৰাত কিন্তু APDCL কৰ্তৃপক্ষই বিশেষ গুৰুত্ব আৰোপ কৰা নাই বুলি দল-সংগঠনৰ নেতৃত্বই উল্লেখ কৰে ।

APDCL ত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি ৷ সেয়েহে এইদৰে বছৰে বছৰে মাচুল বৃদ্ধিৰ কথা কৈ আছে বুলি দল-সংগঠনবোৰে উল্লেখ কৰে । যদিহে APDCL লোকচানত চলি আছে, তেতিয়াহ’লে লোকচান ক’ত হৈছে অথবা কিয় হৈছে সেইবোৰৰ হিচাব ৰাজহুৱা কৰাৰ প্ৰয়োজন । তাৎপৰ্যপূৰ্ণভাৱে, দেশৰ অন্য প্ৰান্তৰ ৰাজ্যতকৈ অসমে ভৰি আছে সৰ্বাধিক বিদ্যুৎ নিৰিখ । যাৰ বাবে সময়ে-সময়ে দল-সংগঠনে কৰি আহিছে প্ৰতিবাদ ৷ তেনে ক্ষেত্ৰত সৰ্বসাধাৰণৰ ওজৰ আপত্তি নাইকিয়া নকৰি কেৱল মাচুল বৃদ্ধিৰ প্ৰস্তাৱহে APDCL য়ে কিয় আগবঢ়ায় তাকে লৈও সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে ।

শুনানি অনুষ্ঠানত অল আসাম ইলেকট্ৰিচিটি কনজুমাৰ এছ'চিয়েচনে এনে বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰে APDCL ক । আনফালে, আম আদমী পাৰ্টিয়ে APDCL ৰ ভিতৰত চলি থকা সকলো লাভ লোকচানৰ হিচাব নিকাচৰ তদন্ত কৰিবলৈ এখন সমিতি বনোৱাৰ দাবী উত্থাপন কৰে । কুমাৰ সঞ্জয় কৃষ্ণৰ অধ্যক্ষতাত মংগলবাৰে অনুষ্ঠিত হোৱা এই শুনানিৰ পিছত আয়োগে APDCL সন্দৰ্ভত পৰৱৰ্তী সময়ত কি সিদ্ধান্ত গ্ৰহণ কৰে লৈ সেয়া হ’ব এক লক্ষণীয় বিষয় । কিন্তু ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব মাৰ্চৰ শেষলৈ ।

লগতে পঢ়ক : Akhil Gogoi slams Cm Himanta: মুখ্যমন্ত্ৰী শৰ্মাই অসমত মুকলি হত্যালীলা আৰম্ভ কৰিছে; অখিল গগৈ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.