Bihu in Japan: জাপানক বিহু শিকালে অসম জীয়ৰী তথা শিক্ষয়িত্ৰী কৰৱী গগৈয়ে

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 10:58 PM IST

thumbnail

যোৰহাট,২৭ ছেপ্টেম্বৰ: যোৰহাটৰ এগৰাকী শিক্ষয়ত্ৰী,যাক লৈ গৌৰৱান্বিত যোৰহটীয়া ৰাইজ লগতে অসমবাসী । ২০২৩ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ভাৰত-জাপান শিক্ষক বিনিময় কাৰ্যসূচীত যোৰহাট বাল্য ভৱন হাইস্কুল সহকাৰী শিক্ষয়ত্ৰী কৰৱী গগৈ আৰু ভাৰত আৰু জাপানৰ শিক্ষকৰ মাজত সম্পন্ন হয় বিনিময় কাৰ্যসূচী । আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত উক্ত কাৰ্যসূচী বাবে ভাৰতৰ পৰা গৈছিল ১২ জন শিক্ষক ।  

অসম তথা উত্তৰ-পূবৰ পৰা যোৰহাট বাল্যভৱনৰ শিক্ষয়িত্ৰী কৰৱী গগৈ আছিল একমাত্ৰ অসমীয়া । এক সপ্তাহযোৰা কাৰ্যসূচী সম্পূৰ্ণ কৰি বৰ্তমান স্বদেশলৈ ঘূৰি আহে শিক্ষয়িত্ৰী কৰৱী । জাপানৰ চাৰিখন চৰকাৰী বিদ্যালয়ত ভাৰত বুৰঞ্জী, সংস্কৃতি, গণিত, বিজ্ঞান আদি লগতে যোগা, বিহু নৃত্য আদি কৰি ভাৰতীয় লোক নৃত্য শিক্ষা প্ৰদান কৰে । আনহাতে জাপানৰ এখন চৰকাৰী বিদ্যালয়ত কৰৱী গগৈয়ে ৫০ মিনিটৰ এটা বিহুৰ পাঠদান কৰে লগতে জাপানী শিক্ষা ব্যৱস্থাৰ ওপৰতো বিনিময় হয় । শিক্ষকৰ দলটোক জাপানস্থিত ভাৰতীয় দূতাবাসলৈ নিয়া হয় ৷ অসমৰ শিক্ষয়িত্ৰী কৰৱী গগৈয়ে অসমৰ গামোছা আৰু চাহ প্ৰদান কৰে জাপানৰ কৰ্তৃপক্ষক । উল্লেখ্য ৰ্যে ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা (ইউনেস্কো)ৰ এছিয়া-পেচিফিক সাংস্কৃতিক সংস্থা (ACCU) য়ে ২০১৬ চনৰ পৰা ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়, জাপান চৰকাৰৰ শিক্ষা,সাংস্কৃতিক, ক্ৰীড়া,বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয় (MEXT) তথা চেণ্টাৰ ফৰ এনভাইৰ'নমেণ্ট এডুকেশ্বন (CEE) ৰ সহযোগত ভাৰতৰ বিভিন্ন প্ৰাথমিক, মাধ্যমিক আৰু হাইস্কুলৰ পৰা মত বিনিময় কাৰ্যসূচীৰ বাবে শিক্ষক নিৰ্বাচন কৰি আহিছে ।

লগতে পঢ়ক: Fire at Nalbari: নলবাৰীৰ ধমধমাৰ পেট্ৰ'ল পাম্পত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.