Morigaon Book Fair 2023 : উন্মোচন হ’ল জোনবিল 2023 স্মৃতিগ্ৰন্থ

By

Published : Jan 27, 2023, 10:37 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

মৰিগাঁও, 27 জানুৱাৰী : দেওবাৰৰ পৰা সাৰথিৰ উদ্যোগত মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত মৰিগাঁও বিহুতলীত সাত দিনীয়াকৈ আয়োজন কৰা হৈছে ষষ্ঠদশ গ্ৰন্থমেলা (Morigaon Book Fair begins)। এই গ্ৰন্থমেলাৰ অংশ স্বৰূপে শুকুৰবাৰে গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ ‘জোনবিল’ উন্মোচন কৰা হয় (Jonbeel book release at Morigaon Book Fair 2023) ৷

স্মৃতিগ্ৰন্থখন উন্মোচন কৰে লেখক, সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া চন্দ্ৰ মোহন কাকতিয়ে । মৰিগাঁও গ্ৰন্থমেলা ২০২৩ ৰ স্মৃতিগ্ৰন্থ জোনবিল উন্মোচন (Jonbeel 2023 book release ) কৰি কাকতিয়ে কয়, ‘‘গ্ৰন্থৰ এখন সুকীয়া জগত আছে ৷ গ্ৰন্থ অধ্যয়নে মানুহক ঐশ্বৰিক সুখ দিয়ে ৷ গ্ৰন্থৰ দ্বাৰা মানুহৰ ৰোগৰ চিকিৎসাও সম্ভৱ কৰি তুলিব পাৰে । পশ্চিমীয়া দেশত চিকিৎসকে ৰোগীৰ নিদান পত্ৰ লিখোতে লগত এখন গ্ৰন্থৰ নামো উল্লেখ কৰে’’ ৷

লগতে তেওঁ ইন্টাৰনেট তথা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত গ্ৰন্থৰ কেতিয়াও মৃত্যু নহয় বুলি উল্লেখ কৰে ৷ ইফালে জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰি ৰাজ্যৰ আগশাৰী লেখক-সাহিত্যিক মিলেশ্বৰ পাটৰৰ গ্ৰন্থ আৰু গ্ৰন্থমেলা সন্দৰ্ভতো মত প্ৰকাশ কৰে ৷

তেওঁ কয়, ‘‘যেনেদৰে আমি আমাৰ শৰীৰৰ পৰিপুষ্টিৰ বাবে বিভিন্ন সুষম তথা পৰিপুষ্টি আহাৰ গ্ৰহণ কৰো, ঠিক তেনেদৰে আমাৰ মানসিক তথা বৌদ্ধিক পৰিপুষ্টিৰ বাবে গ্ৰন্থৰ বিকল্প নাই’’ । উল্লেখ্য যে, জ্যেষ্ঠ সাংবাদিক জগদীশ নাথে আঁতধৰা গাম্ভীৰ্যপূৰ্ণ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত উপস্থিত থাকে মৰিগাঁও গ্ৰন্থমেলা ২০২৩ ৰ আয়োজক সমিতিৰ সম্পাদক খগেন মহন্ত, পশু চিকিৎসা বিষয়া ডাঃ নীলোৎপল কাকতিৰ লগতে বহু কেইগৰাকী লেখক-লেখিকা তথা সাহিত্যপ্ৰেমী ৷

দেওবাৰৰ পৰা আৰম্ভ হোৱা উক্ত গ্ৰন্থমেলাৰ (Morigaon Book Fair begins) বন্তি প্ৰজ্বলন কৰি গ্ৰন্থমেলাৰ শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ড৹ সূৰ্য কান্ত হাজৰিকাই (Surjya Kanta Hazarika) । ‘‘মৰিগাঁও গ্ৰন্থমেলা 2023’’ (Morigaon Book Fair 2023) উদ্বোধন কৰি সভাপতিগৰাকীয়ে কয়, ‘‘গ্ৰন্থমেলা হৈছে পাঠক আৰু গ্ৰন্থৰ মধুৰতম সংযোগ ক্ষেত্ৰ । য'ত একোগৰাকী লেখকৰ অমূল্য সৃষ্টিৰাজী সমাজৰ মাজলৈ প্ৰবাহিত হয়’’ ।  

অসমত গ্ৰন্থমেলাৰ বাটকটীয়া চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে এইক্ষেত্ৰত লোৱা ভূমিকাৰ বিষয়েও তেখেতে নিজৰ ভাষণত উল্লেখ কৰাৰ লগতে বিশ্বৰ অগ্ৰণী ফ্ৰেংফুট গ্ৰন্থমেলাৰ পৰা বিশিষ্ট সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়া উদ্বুদ্ধ হোৱাৰ কথাও বৰ্ণনা কৰে । শেহতীয়াকৈ গ্ৰন্থমেলাই ৰাজ্যত এক উৎসৱমুখৰ সৃষ্টি কৰাৰ লগতে পাঠক সৃষ্টিতো মুখ্য ভূমিকা গ্ৰহণ কৰিছে বুলি কয় ।

লগতে পঢ়ক : Morigaon book Faire: আৰম্ভ হ’ল মৰিগাঁও গ্ৰন্থমেলা 2023

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.