Jonai MLA Bhuban Pegu: জোনাইত হঠাৎ তৎপৰতা বাঢ়িছে বিধায়ক ভূৱন পেগুৰ

By

Published : Aug 7, 2023, 8:46 AM IST

Updated : Aug 7, 2023, 9:09 AM IST

thumbnail

জোনাই, 7 আগষ্ট: হঠাৎ তৎপৰ হৈছে জোনাইৰ বিধায়ক ভূৱন পেগু ৷ বিধায়ক ভূৱন পেগুৱে দেওবাৰে জোনাইত উপস্থিত হৈ বিভিন্ন নিৰ্মীয়মান আঁচনিৰ লগতে ড্ৰেইন নিৰ্মাণ হ’ব লগীয়া ঠাই পৰিদৰ্শন কৰে ৷ বিধায়কগৰাকীয়ে প্ৰথমে পূব-জোনাই মণ্ডলৰ ভাৰতীয় জনতা পার্টীৰ নিৰ্মীয়মান কাৰ্যালয় ‘বাজপেয়ী ভৱন’ আৰু জোনাই মিচিং কৃষ্টি ভৱনত বিধায়ক পুঁজিৰে পুনৰ নিৰ্মাণ কৰা ৰাজহুৱা প্ৰেক্ষাগৃহৰ পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয় ৷  

আনহাতে জোনাই বালিকা মহাবিদ্যালয়তো উপস্থিত হয় বিধায়কগৰাকী ৷ মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তী উৎযাপন সম্পৰ্কে মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে মহাবিদ্যালয়খনৰ সকলো কৰ্মচাৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় বিধায়ক ভূৱন পেগুৱে । উক্ত অঞ্চল পৰিদৰ্শন কৰা সময়ত পূৱ জোনাই ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি আদিত্য বৰুৱা, বিজেপি নেতা পাৰ্থ ছেত্ৰী, জোনাই গাঁও পঞ্চায়তৰ সভাপতি জয়ন্ত বৰিয়ে সংগ দিয়ে ৷ 

লগতে পঢ়ক:Mega river dam controversy: চিয়াং-ডিবাং বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰোধিতাৰে যৌথ সভা

Last Updated : Aug 7, 2023, 9:09 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.