Junmoni Rabha death incident: প্ৰসংগ নালিয়াৰ ভাষ্য; জখলাবন্ধা থানালৈ তলব দুই সাংবাদিক

By

Published : May 23, 2023, 4:21 PM IST

thumbnail

কলিয়াবৰ, 23 মে’: এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগক লৈ এতিয়াও চৰ্চা অব্যাহত আছে বিভিন্ন মহলত ৷ অতি শেহতীয়াভাৱে বোকাখাতৰ দুগৰাকী সাংবাদিকক তলব কৰিছে কলিয়াবৰ আৰক্ষীয়ে ৷ জোনমণিৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰি প্ৰণৱ দাসৰ পৰা প্ৰথমে ভাষ্য সংগ্ৰহ কৰিছিল এই দুগৰাকী সাংবাদিকে ৷ সেই ভাষ্য বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাচতেই সমগ্ৰ ঘটনাই নতুন মোৰ লয় (Junmoni Rabha Incident at Kaliabor) ৷ 

কিন্তু পিচৰ পৰ্যায়ত প্ৰণৱ দাস সন্দৰ্ভত কেতবোৰ বিপৰীত ধৰণৰ তথ্য লাভ কৰে আৰক্ষীয়ে ৷ তাৰ পাচতেই বোকাখাতৰ দুজন সাংবাদিকক তলব কৰি কলিয়াবৰৰ জখলাবন্ধা থানাৰ আৰক্ষীয়ে প্ৰণৱ দাসৰ অসম্পাদিত ভাষ্যৰ ভিডিঅ' ৰেকৰ্ডিং সংগ্ৰহ কৰে ৷ তাৰ পাচতে অৱশ্যে দুয়োকে যাবলৈ দিয়া হয় (Junmoni Rabha death incident) ৷ 

সেই ভিডিঅ’টোত প্ৰণৱ দাসে জোনমণি ৰাভাৰ বাহনত কন্টেইনাৰখনে খুন্দিওৱা স্বচক্ষে দেখা বুলি দাবী কৰিছিল ৷ লগতে তেওঁ কৈছিল যে, জোনমণিৰ ৰখাই থোৱা বাহনখনতহে খুন্দা মাৰিছিল কন্টেইনাৰখনে ৷ লগে লগে বাহনখনৰ পৰা এটা ল’ৰা ওলাই যোৱা বুলিও তেওঁ দাবী কৰিছিল ৷ জোনমণিৰ মৃত্যুৰ সমগ্ৰ ঘটনাটো এতিয়া চিবিআইয়ে তদন্ত কৰিব ৷ অতি ৰহস্যঘন হৈ পৰা ঘটনাটোৰ পৰ্দা আঁতৰাবলৈ চিবিআই সক্ষম হয় নে নহয় অৱশ্যেই লক্ষণীয় হ’ব (eyewitness of Junmoni Rabha death) ৷ 

লগতে পঢ়ক: Junmoni Rabha death case: চি আই ডিৰ দলৰ সৈতে আলোচনা নগাঁৱৰ নতুন আৰক্ষী অধীক্ষকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.