Junmoni Rabha death case: চি আই ডিৰ দলৰ সৈতে আলোচনা নগাঁৱৰ নতুন আৰক্ষী অধীক্ষকৰ

By

Published : May 23, 2023, 2:14 PM IST

thumbnail

নগাঁও, ২২ মে':নগাঁৱত চলি আছে আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত । ইয়াৰ মাজতে মঙলবাৰে চি আই ডিৰ দলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় নগাঁৱত নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক নবনীত মহন্ত (Nagaon SP discusses with CID)। নগাঁও আৰক্ষীৰ অতিথিশালাত বিগত এসপ্তাহে চি আই ডিৰ দলে অব্যাহত ৰাখিছে এই তদন্ত প্ৰক্ৰিয়া । অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দায়িত্ব চি বি আইক হস্তান্তৰ কৰাৰ প্ৰকমূহুৰ্তত চি আই ডিৰ দলে পূৰ্ণগতিত অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ।  

বিগত দুদিনত চি আই ডিৰ আই জি পি দেৱৰাজ উপধ্যায় নগাঁৱত উপস্থিত হৈ পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলেকো জেৰা চলোৱাৰ পিছত মঙলবাৰে চি আই ডিৰ এছ পি ধ্ৰুৱ বৰাৰ নেতৃত্বত চি আই ডিৰ দলটোৱে কেইবাগৰাকী বিষয়াক জেৰা কৰাৰ সম্ভাৱনা আছে (Junmoni Rabha death incident)। 

লগতে পঢ়ক:HSLC result 2023: অসুস্থ শৰীৰে পৰীক্ষা দিবলৈ গৈছিল দশম স্থানপ্ৰাপ্ত বিপাঞ্চী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.