HSLC result 2023: অসুস্থ শৰীৰে পৰীক্ষা দিবলৈ গৈছিল দশম স্থানপ্ৰাপ্ত বিপাঞ্চী

By

Published : May 23, 2023, 12:16 PM IST

thumbnail

বাইহাটা, 23 মে’ : শাৰীৰিক অসুস্থতা শিক্ষা অৰ্জনৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে বিপাঞ্চী ডেকাই ৷ অসুস্থ দেহাৰেই পৰীক্ষাত বহি স্থান দখল কৰিবলৈ সক্ষম হ’ল বিপাঞ্চী ৷ পৰিয়ালৰ লগতে সকলোৰে মুখত বিপাঞ্চীৰ সফলতাই বিৰিঙাইছে হাঁহি (hslc result 2023) ৷

শাৰীৰিক অসুস্থতাকো নেওচি দশম স্থানেৰে উজলি উঠিল পুঠিমাৰী পায়নিয়াৰ একাডেমীৰ ছাত্ৰী বিপাঞ্চী ডেকা । ৯৭ শতাংশ নম্বৰেৰে দখল কৰিলে দশম স্থান । পৰীক্ষাৰ পিচত 95 শতাংশতকৈ অধিক পালে সুখী হ’ব বুলি আশা কৰা বিপাঞ্চীয়ে লাভ কৰিলে আশানুৰূপ ফল (hslc result) ৷ শাৰীৰিক অসুস্থতাৰ বাবে দুমাহ ধৰি যাব পৰা নাছিল বিদ্যালয়লৈ । পেইন কিলাৰ লৈ হে কোনোমতে পৰীক্ষাত বহিছিল বিপাঞ্চী ডেকা । ভৱিষ্যতে চিকিৎসক হোৱা সপোন পুহি ৰাখিছে বিপাঞ্চীয়ে ।

লগতে পঢ়ক : Assam HSLC result 2023:সাপেখাতীৰ এঞ্জেলিকা একাডেমীৰ ছাত্ৰ জিষ্ণু বৰগোহাঁইয়ে লাভ কৰিলে অষ্টম স্থান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.