আকৌ ৰন্ধন গেছৰ নাটনি; স্তব্ধ উত্তৰ পূবৰ 7 টাকৈ ৰন্ধন গেছ প্ৰকল্প

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 12:59 PM IST

thumbnail

উত্তৰ গুৱাহাটী, 8 ডিচেম্বৰ: অচিৰেই আপোনাৰ পাকঘৰত জুই নজ্বলিব ৷ কাৰণ সমগ্ৰ ৰাজ্য়জুৰি ৰন্ধন গেছৰ নাটনিৰ আশংকা ৷ ক্ৰমাগতভাৱে পঞ্চম দিনাও বন্ধ উত্তৰ পূৰ্বাঞ্চলৰ 7 টাকৈ ৰন্ধন গেছ প্ৰকল্প । নৰ্থ ইষ্ট পেকড এল পি জি ট্ৰান্সপোৰ্টাৰ এছোচিয়েশ্যনৰ কেইবাদফীয়া দাবীত গ্ৰহণ কৰা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ ফলত স্তব্ধ হৈ পৰিছে প্লান্টসমূহৰ কাম-কাজ । 

আই অ’ চি এল কৰ্তৃপক্ষই থলুৱাক প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰহণ কৰা হৈছে এই ধৰ্মঘটৰ কাৰ্যসূচী । নৰ্থ ইষ্ট পেকড এল পি জি ট্ৰান্সপোৰ্টাৰ এছোচিয়েচনৰ থলুৱা ব্যৱসায়ীসকলে পাবলগীয়া বকেয়া ধন আদায় নিদিয়াকৈ ভাৰতীয় তেল নিগমে নিবিদা আহ্বান কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

অসম চৰকাৰ, ভাৰতীয় তেল নিগম আৰু নৰ্থ ইষ্ট পেকড এল পি জি ট্ৰান্সপোৰ্টাৰ এছোচিয়েশ্যনৰ মাজত হোৱা ত্ৰিপাক্ষিক আলোচনাৰ প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰো অভিযোগ উঠিছে তেল নিগমৰ বিৰুদ্ধে । এই ধৰ্মঘটৰ ফলত বন্ধ হৈ আছে উত্তৰ গুৱাহাটী, মিৰ্জা সৰপাৰা, তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ আৰু দুলীয়াজান বটলিং প্লান্টৰ সম্পূৰ্ণ পৰিবহন সেৱা । 

বন্ধৰ ফলত আন বটলিং প্লান্টৰ লগতে উত্তৰ গুৱাহাটী বটলিং প্লাণ্টতো আৱদ্ধ হৈ পৰিছে কেইবা শতাধিক ৰন্ধন গেছ কঢ়িওৱা বাহন ।

লগতে পঢ়ক: কৰৰ বোজাত ভাৰাক্ৰান্ত; ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে জনগণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.