Increase HIV cases in Nalbari:নলবাৰীত ভয়াবহ বাবে বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা

By

Published : Jul 12, 2023, 4:25 PM IST

thumbnail

নলবাৰী,12 জুলাই: নলবাৰীবাসীৰ বাবে এক উদ্বেগজনক খবৰ । বিগত ছমাহত নলবাৰীত ভয়াবহ ৰূপত বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা । চলিত বৰ্ষৰ জুন মাহলৈকে ২০০ ৰো অধিক লোকৰ দেহত ধৰা পৰিছে HIV ৰোগ ৷ জিলাখনৰ মুকালমুৱা, ঘগ্ৰাপাৰ, নলবাৰী, পশ্চিম নলবাৰী আদি বিভিন্ন ঠাইত  HIV ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি সদৰি  কৰিছে জিলা স্বাস্থ্য বিভাগে ৷ বিশেষকৈ ড্ৰাগছ সেৱন কৰাৰ ফলতেই এই ৰোগীৰ সংখ্যা বৃদ্ধিৰ শংকা কৰিছে জিলা স্বাস্থ্য বিভাগে । বিগত ২০২১ আৰু ২০২২ বৰ্ষত জিলাখনত HIVত আক্ৰান্ত ৰোগীৰ সংখ্যা আছিল ৩০০ ৰো অধিক  ৷ 

এই সংক্ৰান্তত নলবাৰীত পঞ্চৰত্ন আৰু বৰ্নিবাৰী নামৰ দুটাকৈ বেচৰকাৰী সংস্থাই HIV ৰোগৰ সজাগতামূলক সভা আয়োজন কৰিছে ৷ এই বৰ্ষত HIV ৰোগত আক্ৰান্ত ৰোগী বিগত বৰ্ষতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে জিলা স্বাস্থ্য বিভাগৰ বিষয়াই । আনহাতে বৰ্তমানলৈকে ৪০০ ৰো অধিক লোকে জিলাখনত HIVৰ  চিকিৎসা গ্ৰহণ কৰি আছে বুলি তথ্যত প্ৰকাশ পাইছে ৷ এই ক্ষেত্ৰত অভিভাৱক সকলে নিজৰ সন্তানৰ প্ৰতি নজৰ ৰাখিবলৈ আহ্বান জনায় নলবাৰী জিলা নিচামুক্তি কেন্দ্ৰৰ বিষয়বীয়াই ৷ 

লগতে পঢ়ক:Patients deprived of medical care: স্বাস্থ্যখণ্ডৰ দুখজনক ছবি; কান্ধত ভাৰ বান্ধি ৰোগীক নিলে চিকিৎসালয়লৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.