Neccon Power and Infra Limited: বসন্ত খেতানৰ কাৰ্যালয়-বাসগৃহত আয়কৰ বিভাগৰ অভিযান

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 6:24 PM IST

thumbnail

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ: গুৱাহাটীৰ উলুবাৰীৰ বসন্ত খেতানৰ Neccon Power and Infra Limited ত মঙলবাৰে পুৱাৰে পৰা চলিছে আয়কৰ বিভাগৰ অভিযান । কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্বত্বাধিকাৰী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী বসন্ত খেতানৰ কাৰ্যালয়ৰ লগতে বাসগৃহতো আয়কৰ বিভাগে চলাইছে এই তালাচী অভিযান ।

উলুবাৰীত দুটাকৈ স্থানৰ লগতে ব্যৱসায়ীগৰাকীৰ যোৰহাট নগৰৰ চেউনি আলিস্থিত নিকন পাৱাৰ এণ্ড ইনফ্ৰা লিমিটেডৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ ১০ জনীয়া এটা বৃহৎ দলে অভিযান চলায় । গুৱাহাটী, যোৰহাটৰ লগতে জয়পুৰস্থিত কাৰ্যালয়তো আয়কৰ বিভাগৰ এটা বৃহৎ দলে অভিযান চলায় । 

বসন্ত খেতানৰ কেইবাটাও ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে ঠিকাৰ লগত জড়িত । কৰ ফাঁকি দি বৃহৎ ব্যৱসায় চলাই থকাৰ অভিযোগত এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে । এই অভিযানৰ সময়ত বসন্ত খেতান বিদেশত আছে ।  

লগতে পঢ়ক: Income Tax department raids: প্ৰতিষ্ঠিত ব্যৱসায়ী বসন্ত খৈতানে দিছে নেকি কৰ ফাঁকি ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.