ETV Bharat / state

Income Tax department raids: প্ৰতিষ্ঠিত ব্যৱসায়ী বসন্ত খৈতানে দিছে নেকি কৰ ফাঁকি ?

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 3:37 PM IST

প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বাসভৱন আৰু কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান ৷ কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্বত্বাধিকাৰী খৈতান ৷ খৈতানৰ বিৰুদ্ধে কৰ ফাঁকি দিয়াৰ অভিযোগ ৷

Income Tax department raids
আয়কৰ বিভাগৰ অভিযান

আয়কৰ বিভাগৰ অভিযান

যোৰহাট, 26 ছেপ্টেম্বৰ : যোৰহাটৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বসন্ত খৈতান আৰু তেওঁ ব্যৱসায়িক কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান । যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্বত্বাধিকাৰী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী বসন্ত খৈতানৰ কাৰ্যালয় আৰু বাসগৃহত মঙলবাৰে পুৱা ৭.৩০ বজাৰ পৰা আয়কৰ বিভাগৰ ১০জনীয়া এটা দলে অভিযান চলাইছে ।

আয়কৰ বিভাগৰ দলটোৱে প্ৰতিষ্ঠিত ব্যৱসায়ীগৰাকীৰ যোৰহাট নগৰৰ চেউনী আলিস্থিত বাসগৃহ তথা নিকন পাৱাৰ এণ্ড ইনফ্ৰা লিমিটেডৰ কাৰ্যালয়ত বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰিছে ।

যোৰহাটৰ লগতে ব্যৱসায়ীগৰাকীৰ গুৱাহাটীৰ উলুবাৰীত থকা আৰু ৰাজস্থান জয়পুৰস্থিত কাৰ্যালয়টো আয়কৰ বিভাগৰ অন্য এটা দলে একে সময়তে অভিযান চলাইছে বুলি জানিব পৰা গৈছে ।

তাৎপৰ্যপূৰ্ণ যে, ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্বত্বাধিকাৰী হোৱা লগতে কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী বসন্ত খৈতানে বৃহৎ কৰ ফাঁকি দিয়াৰ অভিযোগত আয়কৰ বিভাগে একে সময়ত তিনিটাকৈ স্থানত অভিযান চলোৱা বিষয়টোৱে এক বিশেষ ইংগিত প্ৰদান কৰিছে ।

বৰ্তমান যোৰহাট চেউনী আলিৰ বাসভৱন আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলক পৃথকে পৃথকে মাতি আনি জেৰা চলোৱাৰ লগতে বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰি আছে । আয়কৰ বিভাগৰ এই অভিযানৰ সময়ত প্ৰতিষ্ঠিত ব্যৱসায়ী বসন্ত খৈতান কাৰ্যালয় আৰু বাসভৱনত নাই বুলি জানিব পৰা গৈছে । দৰকাৰী কামত তেওঁ যোৰহাটৰ বাহিৰত আছে বুলি জানিব পৰা গৈছে ৷ বাতৰি যুগুত কৰা মুহূৰ্তলৈকে আয়কৰ বিভাগে এই অভিযান সম্পৰ্কে সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়া পৰা বিৰত আছে ।

লগতে পঢ়ক : Medicine scam at Jorhat Air Force Hospital: জালিয়াতিৰে ৭৯ লাখ টকা আত্মসাৎ যোৰহাট বায়ুসেনাৰ কৰ্মচাৰী দম্পতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.