কলগাছিয়াত বেকী নৈৰ পাৰত চলিছে অবৈধ খনন

By

Published : Sep 21, 2022, 7:12 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বালিৰ অবৈধ খনন (Illegal Sand mining in Assam) ৷ বালি খননৰ সংবাদ বিভিন্ন সংবাদ মাধ্যমত সঘনাই প্ৰচাৰ হৈ আহিছে যদিও কাণসাৰ নাই চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ ৷ নিৰ্লিপ্ত ভূমিকাত অৱতীৰ্ণ হৈছে আৰক্ষী তথা বন বিভাগ ৷ ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে কলগাছিয়াৰ বলাইপাথাৰত বেকী নৈৰ পাৰত চলিছে অবৈধ খনন (Illegal mining on banks of Beki River in Kalgasia) । ফলত বিধ্বংসী ৰূপ লৈছে (Devastating Erosion at Kalgasia) গৰাখহনীয়াই। এসপ্তাহত উচন হ'ল ১৫ টাকৈ পৰিয়ালৰ ঘৰ । উল্লেখ্য় যে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বেকী নদীৰ বিধ্বংসী খহনীয়াই কালৰূপ ধাৰণ কৰি নৈপৰীয়া ৰাইজৰ ঘৰ-ভেটি উচন কৰিছে । অসাধু লোকে মেচিন আৰু ট্ৰেক্টৰৰে খনন চলাই থকাত খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে । বেকী নদীৰ বিধ্বংসী গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি কলগাছিয়া, বলাইপাথাৰ, খাৰবাল্লী, আমগুৰি আদি গাঁৱলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । কিন্তু ইয়াৰ পিছতো কাণসাৰ নাই জনপ্ৰতিনিধি তথা চৰকাৰৰ । প্ৰশাসনে খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । সেয়ে শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিবলৈ ভূক্তভোগী ৰাইজে চৰকাৰক দাবী জনাইছে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.