Beef meat trade:ডিব্ৰুগড়ৰ টিংখাঙত চলিছে গো-মাংসৰ ৰমৰমীয়া ব্যৱসায়

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 11:03 PM IST

thumbnail

ডিব্ৰুগড়, 16 ছেপ্টেম্বৰ : গৰু বেচা কিনাৰ লগতে গৰু সৰবৰাহ বন্ধৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে বিশেষ তৎপৰতা গ্ৰহণ কৰি অহাৰ সময়তে উজনিৰ ডিব্ৰুগড় জিলাৰ টিংখাং আৰু নাহৰকটীয়া সমষ্টিৰ সীমামূৰীয়া এখন গাঁৱত নিতৌ চোৰাংকৈ চলি আহিছে গো-হত্যা আৰু গো-মাংসৰ ৰমৰমীয়া ব্যৱসায় । শনিবাৰে টিংখাং আৰক্ষীয়ে পশুধন হত্যা কৰি মাংস বিক্ৰী কৰা সময়তে গো-মাংসসহ হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় এজনক ।

টিংখাং আৰু নাহৰকটীয়া সমষ্টিৰ সীমাj মাহমৰা শিলগ্ৰাণ্ট অঞ্চলত প্ৰত্যেক শনিবাৰে এনেদৰে চলি আহিছে গৰু হত্যা আৰু গো-মাংসৰ ৰমৰমীয়া ব্যৱসায় । আনদিনাৰ দৰে আজিও গাঁওখনৰ শিলাচ তপ্নৰ বাৰীৰ বাঁহ গছৰ তলত গৰু হত্যা কৰি টোপোলা টোপোলাকৈ মাংসৰ ভাগ বিতৰণ কৰা হয়  । বিশেষ সূত্ৰে এই খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় টিংখাং আৰক্ষীৰ এটা দল । আৰক্ষীৰ আগমনৰ খবৰ পাই ঘটনাস্থলীৰ পৰা সকলো পলাই পত্ৰং দিয়ে যদিও গো-মাংসসহ এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । ধৃত লোকজন হৈছে চৰাইদেউ জিলাৰ নগাহাত কছাৰি গাঁৱৰ বাৰ্ণা তিৰ্কী ।

বাৰ্ণা তিৰ্কীয়ে প্ৰত্যেক শনিবাৰে বৃহৎ পৰিমাণৰ গো-মাংস উক্ত অঞ্চলৰ পৰা ক্ৰয় কৰি নিজ গাঁৱৰ লোকৰ মাজত বিক্ৰী কৰি ব্যৱসায় চলাই আহিছিল । ধৃত বাৰ্ণা তিৰ্কীৰ স্বীকাৰোক্তিৰ মতে এই গৰু কটা কাম কৰে এম এল কুমাৰ নামৰ এজন ব্যক্তিয়ে । সুদীৰ্ঘ দিন ধৰি অঞ্চলটোত এই নিষিদ্ধ ব্যৱসায় চোৰাংভাৱে চলি আহিছিল ।

লগতে পঢ়ক : Selling beef meat at Jonai : জোনাইত আইনক বুঢ়া আঙুলি দেখুৱাই মুকলিকৈ গো মাংসৰ বেহা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.