IGNCA Foundation Day: ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

By

Published : Mar 22, 2023, 7:00 PM IST

thumbnail

গুৱাহাটী, ২২ মার্চ: ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস যোৱা ১৯ মাৰ্চত উত্তৰ-পূব ক্ষেত্রীয় কেন্দ্ৰত উদযাপন কৰা হয় (IGNCA Foundation Day at Guwahati) । এই উপলক্ষে এক বর্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ আযোজন কৰা হয় । আইজিএনচিত উত্তৰ-পূবৰ ক্ষেত্ৰীয় সঞ্চালক সুৰেশ ৰঞ্জন গদুকাই অনুষ্ঠানত অতিথিসকলক আদৰণি জনোৱাৰ লগতে আইডিএমডিএৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে  আলোকপাত কৰে । 

ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিল্পী তৰালি শৰ্মাৰ বৰগীতেৰে সাংস্কৃতিক সন্ধিয়া আৰম্ভ হয় । ইয়াৰ পাচতে মহাপুৰুষ শ্ৰীমন্ত বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ধীৰজ্যোতি শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ লোক সংগীত পৰম্পৰাৰ বিৱৰ্তন আৰু বৈচিত্ৰাৰ বিষয়ে বক্তৃতা আগবঢ়ায় (Mahapurush Srimanta University)। 

উপাসনা মাংজোনৰ নেতৃত্বত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যৌগল আগৈ শীর্ষক মেইটেই (মণিপুৰ) লোকনৃত্য প্ৰদৰ্শনেৰে অতিথিসকলক মোহিত কৰে । ৰঞ্জন বেজবৰুৱা আৰু তেওঁৰ দলটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ কেইটামান গীত সংস্কৃতত পৰিৱেশন কৰে । চাও প্রীতম বৰাৰ নেতৃত্বত লুইত চাপৰি দলে উত্তৰ পূৰ্বাঞ্চলৰ সংগীত পৰিৱেশন কৰে । তদুপৰি মনোজ বৰুৱা আৰু ড৹ পূৰবী শৰ্মাৰ নেতৃত্বত গুৱাহাটী সংগীত বিদ্যালয়ৰ দলৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ লোক-পৰম্পৰাগত সুৰত ভায়োলিন কনচাৰ্টৰে অনুষ্ঠানৰ সামৰণি পৰে (Guwahati Music School)।  

এই অনুষ্ঠানটোত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে বাংলাদেশৰ সহকাৰী উচ্চাযুক্ত ৰুহুল আমিন (Assistant High Commissioner of Bangladesh), বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ উপাচাৰ্য তথা নগালেও কেন্দ্রীয় বিশ্ববিদ্যালয়কে ধৰি চাৰিখন বিশ্ববিদ্যালয়ৰ পূৰ্বৰ উপাচার্য অধ্যাপক জি ডি শর্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ চেন্টাৰ ফ'ৰ পাৰফর্মিং আর্টছৰ সঞ্চালক অধ্যাপক আশা কুঠাৰী, প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড অসমৰ অধ্যক্ষ ড৹ অৰূপ মিশ্ৰ, ভাৰতীয় ৰেডক্ৰছ ছ'চাইটিৰ আহ্বায়ক ড৹ বিষ্ণু প্রসাদ অধিকাৰী, আইডিবিআই বেংকৰ মহাপ্ৰবন্ধক ড৹ অজহ্বা ফাটোৱানী আদি । 

লগতে পঢ়ক:World Cup 2023 : ৫ অক্টোবৰৰ পৰা এদিনীয়া বিশ্বকাপৰ সম্ভাৱনা, ১৯ নৱেম্বৰত ফাইনেল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.