Husband Killed Wife: ৰঙাপৰাত স্বামীয়ে হত্যা কৰিলে পত্নীক

By

Published : Mar 9, 2023, 6:24 PM IST

thumbnail

ৰঙাপৰা, ৯ মাৰ্চ : আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোতে (International womens day) এগৰাকী মহিলাই স্বামীৰ হাতত প্ৰাণ হেৰুওৱাৰ ঘটনাই সমগ্ৰ ৰঙাপৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (murder case at Rangapara) । শোণিতপুৰ জিলাৰ ৰঙাপৰাত বুধবাৰে নিশা সংঘটিত হয় উক্ত হত্যাকাণ্ডটো । স্বামীৰ হাতত প্ৰাণ দিবলগা হ'ল এটি সন্তানৰ মাতৃয়ে (husband killed wife at Moinajuli tea estate rangapara) ।

মইনাজুলি চাহ বাগিচাৰ ১১ নং শ্ৰমিক লাইনত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনাটি (murder at moinajuli tea estate rangapara) । দৌল উৎসৱৰ আনন্দ-ফূৰ্তি চলি থকাৰ সময়তে তথা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাই স্বামী অজয় কৰ্মকাৰে এডাল বাঁহৰ লাঠিৰে প্ৰহাৰ কৰাত পত্নী ফুলচিতা কৰ্মকাৰে অকাল মৃত্যুক সাৱটি লয় ৷

বুধবাৰে নিশা প্ৰায় ১০ বজাত স্বামীয়ে পত্নীক হত্যা কৰি ঘৰৰ পিচফালে পেলাই থোৱাৰ অভিযোগ উঠিছে । ইফালে ঘটনাৰ খবৰ পোৱাৰ পিচতে ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰে আৰু পত্নীহন্তা স্বামীক নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰি থানালৈ নিয়ে ।

লগতে পঢ়ক : Silapathar Akajan accident news: অকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ গ’ল দুজনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.