Dibrugarh Murder: লাহোৱাল চেঙেলীজান চাহ বাগিচাত লোমহৰ্ষক হত্যাকাণ্ড

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 4:04 PM IST

thumbnail

ডিব্ৰুগড় ,10 ছেপ্টেম্বৰ : ডিব্ৰুগড়ৰ লাহোৱাল চেঙেলীজান চাহ বাগিচাত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা ৷  স্বামীয়ে লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক ৷ বিৰচা কৰ্মকাৰ নামৰ লোকজনে সন্ধিয়াৰে পৰা পত্নী প্ৰমীলা কৰ্মকাৰৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হৈছিল । ইয়াৰ পাচতে নিশা মৰিয়াই মৰিয়াই হত্যা কৰে পত্নীক । নিশা পত্নীক হত্যা কৰি বিচনাত ৰাখিছিল ৷ আনকি পত্নীৰ মৃতদেহ সন্মুখত ৰাখি হত্যাকাৰী বিৰচা কৰ্মকাৰে পুৱা আহাৰো গ্ৰহণ কৰিছিল ।

পুৱা ওচৰ চুবুৰীয়াই মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিচতে চেঙেলীজান চাহ বাগিচাত চাঞ্চল্যই বিৰাজ কৰে ৷ ঘটনাৰ খবৰ পোৱাৰ পাচতে ঘোঁৰামৰা আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে AHMCলৈ প্ৰেৰণ কৰা হয়  ৷ হত্যাকাৰী বিৰচা কৰ্মকাৰক ঘোঁৰামৰা আৰক্ষীয়ে আটক কৰে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি বিৰচা কৰ্মকাৰে মৃত পত্নীক দীৰ্ঘদিন ধৰি নিৰ্মম অত্যাচাৰ কৰি আহিছিল ।

লগতে পঢ়ক:Padmashri awardee Hemaprava Chutia:পদ্মশ্ৰী বঁ‌টা প্ৰদানেৰে দায়িত্ব সামৰিলে চৰকাৰে; প্ৰতিশ্ৰুতিৰ পিছতো আৰ্থিক সাহাৰ্য নিদিলে সাংসদ আৰু বিধায়কে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.