ETV Bharat / state

Padmashri awardee Hemaprava Chutia:পদ্মশ্ৰী বঁ‌টা প্ৰদানেৰে দায়িত্ব সামৰিলে চৰকাৰে; প্ৰতিশ্ৰুতিৰ পিছতো আৰ্থিক সাহাৰ্য নিদিলে সাংসদ আৰু বিধায়কে

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 4:39 PM IST

মৰাণৰ হেমপ্ৰভা চুতীয়াই নিজৰ সৃষ্টিৰাজিক সংৰক্ষণৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৷ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে হেমপ্ৰভা চুতীয়াই বিভিন্ন সময়ত চৰকাৰক অনুৰোধ কৰি আহিছে যদিও সেয়া গুৰুত্ব দিয়া নাই চৰকাৰে ৷

Padmashri awardee Hemaprava Chutia
পদ্মশ্ৰী সন্মানেৰে সন্মানিত মৰাণৰ হেমপ্ৰভা চুতীয়াৰ সংবাদমেল

পদ্মশ্ৰী বঁ‌টা প্ৰদানেৰে দায়িত্ব সামৰিলে চৰকাৰে

ডিব্ৰুগড়, 8 ছেপ্টেম্বৰ : পদ্মশ্ৰী সন্মানেৰে সন্মানিত মৰাণৰ হেমপ্ৰভা চুতীয়াই নিজৰ সৃষ্টিৰাজিক সংৰক্ষণৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৷ তেওঁৰ সৃষ্টিৰাজিক সংৰক্ষণৰ বাবে ৰজাঘৰে প্ৰতিশ্ৰুতিৰ পাছত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও আজি পৰ্যন্ত নিদিলে আৰ্থিক সাহাৰ্য ৷ কিয়নো হস্ত তাঁতশালত মহাপুৰুষ দুজনাৰ ধৰ্মগ্ৰন্থ বৈ পৰিচিত হৈ পৰিছিল মৰাণৰ হেমপ্ৰভা চুতীয়া ৷

মহাপুৰুষ দুজনাৰ ধৰ্মগ্ৰন্থ ক্ৰমে নামঘোষা, গুণমালা, শ্ৰীমদ্ভাগৱত গীতা ইংৰাজী আৰু সংস্কৃতত বৈ উলিওৱাৰ বাবে তেওঁক 2022 বৰ্ষত অসম গৌৰৱ বঁ‌টা আৰু 2023 বৰ্ষত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁ‌টা প্ৰদান কৰিছিল ৷ কিন্তু এইগৰাকী হেমপ্ৰভা চুতীয়াৰ এতিয়া ক্ষোভ চৰকাৰৰ ওপৰত ৷ কাৰণ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো তেওঁৰ সৃষ্টিৰাজী সংৰক্ষণৰ বাবে চৰকাৰে আজিও লোৱা নাই কোনো পদক্ষেপ ৷ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে হেমপ্ৰভা চুতীয়াই বিভিন্ন সময়ত চৰকাৰক অনুৰোধ কৰি আহিছে যদিও সেয়া গুৰুত্ব দিয়া নাই চৰকাৰে ৷

উপায়ন্তৰ হৈ হেমপ্ৰভা চুতীয়াই অসমৰ নামঘৰে নামঘৰে সহায় বিচাৰি যোৱাৰ সিদ্ধান্ত লৈছে ৷ "হেমপ্ৰভা চুতীয়া সৃষ্ট কলা-শিল্প সংৰক্ষণ ট্ৰাষ্ট'' সংগ্ৰহালয় নিৰ্মাণৰ বাবে সাহাৰ্য বিচৰা ৰছিদ বহীও ইতিমধ্যে প্ৰস্তুত কৰিছে হস্ততাঁত শিল্পীগৰাকীয়ে ৷ হেমপ্ৰভা চুতীয়াৰ আশা অসমৰ ৰাইজে সহায় কৰিলে তেওঁৰ সংগ্ৰহালয়টো নিশ্চয় নিৰ্মাণ কৰিব পাৰিব ৷ ইফালে বৰ্তমানে গুণমালা ইংৰাজীত বৈ থকা শিপিনীগৰাকীৰ ক্ষোভ যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ আৰু মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ ওপৰত ৷

সাংসদ তপন কুমাৰ গগৈয়ে হেমপ্ৰভা চুতীয়াক 2 লাখ টকা আৰু বিধায়ক চক্ৰধৰ গগৈয়ে 1 লাখ টকা দিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে সেই টকা দিয়া নাই ৷ আশা দি এক প্ৰকাৰৰ শিল্পীগৰাকীক নিৰাশা কৰিলে দুই ৰাজনৈতিক নেতাই ৷ সংগ্ৰহালয় নিৰ্মাণৰ ক্ষেত্ৰত হেমপ্ৰভা চুতীয়াৰ এতিয়া শেষ ভৰসা অসমৰ ৰাইজ ৷ পদ্মশ্ৰী বঁ‌টা প্ৰদানেৰে দায়িত্ব সামৰিলে চৰকাৰে ৷

লগতে পঢ়ক : Bhupen Hazarika 97th birthday: ‘‘মানুহে মানুহৰ বাবে...’’ সুধাকণ্ঠৰ ওপজা দিনত সমাধিত শ্ৰদ্ধাঞ্জলি বিভিন্নজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.