BP Civil Hospital Nagaon : নগাঁৱৰ ভোগেশ্বৰী ফুকননী চিকিৎসালয় পৰ্যবেক্ষণ মানৱ অধিকাৰ কৰ্মীৰ

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 7:43 PM IST

thumbnail

নগাঁও, 9 ছেপ্টেম্বৰ : চৰকাৰী চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসা ব্যৱস্থাৰ বুজ লৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ কৰ্মী ডাঃ দিব্যজ্যোতি শইকীয়াই ৷ শনিবাৰে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ কৰ্মী ডাঃ দিব্যজ্যোতি শইকীয়া ৷ চিকিৎসালয়খনৰ পৰিস্থিতি আৰু পৰিৱেশ পৰ্যবেক্ষণ কৰে মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে ৷

বিশেষকৈ চিকিৎসালয়খনত সৰ্পদংশনৰ চিকিৎসাত ব্যৱহৃত এন্টিভেনম পৰ্যাপ্ত পৰিমাণে আছেনে নাই তাৰেই বুজ লয় মানৱ অধিকাৰ কৰ্মী ডা দিব্যজ্যোতি শইকীয়াই ৷ গহপুৰ, বিশ্বনাথৰ লগতে তেজপুৰ মেডিকেল কলেজতো উপস্থিত হৈ পৰ্যবেক্ষণ কৰাৰ পিছত শনিবাৰে নগাঁৱৰ ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত বিশেষকৈ সৰ্পদংশন আৰু হৃদৰোগৰ ক্ষেত্ৰত থকা চিকিৎসা ব্যৱস্থাৰ বুজ লয় মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে ৷

সৰ্পদংশন আৰু হৃদৰোগৰ ক্ষেত্ৰত মৌলিক আৰু মানৱ অধিকাৰ উলংঘন হোৱাৰো অভিযোগ উত্থাপন কৰে মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে ৷ অতি শীঘ্ৰেই চৰকাৰী চিকিৎসালয়ত সৰ্পদংশনৰ সু-চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে হৃদৰোগ বিশেষজ্ঞ নিয়োগ কৰিবলৈ চৰকাৰক দাবী জনায় ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ কৰ্মী ডাঃ দিব্যজ্যোতি শইকীয়াই ৷ 

লগতে পঢ়ক : Minister Atul Bora at Dhekiakhuwa: ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত কৃষি মন্ত্ৰী অতুল বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.