Road accident: জোনাইত শংকৰ সংঘ অধিৱেশনথলীলৈ অহা বাছ দুৰ্ঘটনাগ্ৰস্ত

By

Published : Feb 12, 2023, 7:52 AM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

জোনাই,১২ ফেব্ৰুৱাৰী: ধেমাজি জিলাৰ জোনাইৰ জামজিঙৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিশা সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা(Horrific road accident in Jonai) । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজনকৈ লোক । আহত দুয়োজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে(Two injured in a road accident) । এখন যাত্ৰীবাহী বাছ, পিক আপ ভেনৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত ৰখা থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । 

জানিব পৰামতে যাত্ৰীবাহী বাছখনে ডেকাপামৰ পৰা চিমেন চাপৰিত অনুষ্ঠিত শংকৰ সংঘ অধিৱেশনথলীলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন‌ পিক আপ ভেনৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো । দুৰ্ঘটনা সংঘটিত হোৱা যাত্ৰীবাহী বাছখনৰ নম্বৰ AS03 AC8633 আৰু পিক আপ ভেনখনৰ নম্বৰ AS23CC 6401 । ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন লোক । 

গুৰুতৰভাৱে আহত ব্যক্তি দুজনক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে ততাতৈয়াকৈ ডেকাপামস্থিত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে বুলি জানিব পৰা গৈছে । আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়ে বাছখনৰ চালকজনে পলায়ন কৰে যদিও স্থানীয় ৰাইজে বাছখনৰ হেন্দিমেনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছতেই দুৰ্ঘটনাস্থলীত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ । পিছত আৰক্ষীৰ লোক উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাছখন জব্দ কৰাৰ লগতে আটক কৰে বাছখনৰ হেন্দিমেনগৰাকীক । 

উল্লেখ্য যে, ১০ ফ্ৰেব্ৰুৱাৰীৰ পৰা ধেমাজি জিলাৰ জোনাই মহকুমাৰ চিমেন চাপৰিৰ চেৰেণ পথাৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই অধিৱেশন(92nd Srimanta Sankardev Sangha Annual Conference) । যাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূৰ্বাঞ্চলৰ লাখ লাখ লোকৰ সমাগম ঘটিছে জোনাইলৈ । কিন্তু এনে সময়তে সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাকলৈ চিন্তিত হৈ পৰিছে জোনাইবাসী । সেয়ে দুৰ্ঘটনা ৰোধৰ বাবে ধেমাজি জিলা পৰিবহন বিভাগক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জোনাইবাসীয়ে ।

লগতে পঢ়ক: Tragic road accident: দুৰ্ঘটনা চাবলৈ যোৱা লোকক মহতিয়াই নিলে ট্ৰাকে; 5 জন নিহত

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.