এইবাৰ আঁহতগুৰিত আনুষ্ঠানিকভাৱে ম’হযুঁজ; আহিব মুখ্যমন্ত্ৰীও

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 10:55 PM IST

thumbnail

মৰিগাঁও, 7 জানুৱাৰী: মাংগলিক পৰিৱেশৰ মাজত দেওবাৰে লাইখুটা স্থাপন কৰা হ’ল ঐতিহাসিক আঁহতগুৰি ম'হ যুঁজৰ  । পাটি ঢোলৰ ছেৱত মুখৰিত হ’ল ঐতিহ্যমণ্ডিত আঁহতগুৰিৰ মহ যুঁজথলী ।

উল্লেখ্য যে ভোগালী বিহুৰ সমান্তৰালকৈ মধ্য অসমত উদযাপন কৰা হয় ম'হ যুঁজ । বিশেষকৈ ঐতিহাসিক আঁহতগুৰি ম'হ যুঁজে এক অনন্য মাত্ৰা প্ৰদান কৰে সমগ্ৰ অঞ্চলটোত । উছাহৰ অন্ত নাথাকে আঁহতগুৰিবাসীৰ । ল'ৰা-ছোৱালী, বুঢ়া-বুঢ়ী, জীয়ৰী-বোৱাৰী সকলোৰে মাজত বয় উছাহৰ ঢল ।

আগন্তুক 15 আৰু 16 জানুৱাৰীত মৰিগাঁৱৰ আঁহতগুৰিত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব ম'হ যুঁজৰ লগতে ভোগালী উৎসৱ । য'ত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকিব মন্ত্ৰী পীযুষ হাজৰীকাৰ উপৰিও বহুকেইগৰাকী ৰাজনৈতিক নেতা আৰু শিল্পী ।

উল্লেখ্য যে ৭১ বছৰত ভৰি দিলে মৰিগাঁৱৰ আঁহতগুৰি ম'হ যুঁজে । এক কথাত ক’বলৈ গ’লে দেওবাৰৰ দিনটোত গায়ন-বায়ন, ঢুলীয়া-তালীয়া, বেণ্ড পাৰ্টীৰ ছন্দোবদ্ধ তালত মুখৰিত হয় আহঁতগুৰিৰ ম’হ যুঁজথলী ।

লগতে পঢ়ক: মৰিগাঁৱত জোনবিল মেলাৰ প্ৰস্তুতি তুংগত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.