বঙাইগাঁৱত আধাৰ কাৰ্ড নিৰ্মাণৰ নামত ধন সংগ্ৰহ

By

Published : Aug 27, 2022, 2:26 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

বঙাইগাঁৱৰ গোলাপাৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আধাৰ কাৰ্ড বনোৱাৰ নামত ধন সংগ্ৰহক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ(Heated situation in name of making aadhar card) ৷ বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা বাংলাপাৰা গাওঁ পঞ্চায়তত আধাৰ কাৰ্ড বনোৱাৰ নামত 300 পৰা 1000 টকা পৰ্যন্ত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে । শ্বফিকুল ইছলামে আধাৰ কাৰ্ড বনোৱাৰ নামত ৰাশিদুল ইছলাম নামৰ এগৰাকী দোকানীৰ সহায়ত সংগ্ৰহ কৰি আহিছিল 300 পৰা 1000 টকা পৰ্যন্ত ৷ অবৈধভাবে ধন সংগ্ৰহ কৰি অহাৰ বাবে এজন যুৱকে প্ৰতিবাদ কৰাৰ পিছতে সংঘটিত হয় মাৰপিটৰ ঘটনা । উত্তেজিত ৰাইজে আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ কৰা অপাৰেটৰ শ্বফিকুল ইছলামক কোঠাত আৱদ্ধ কৰি ৰাখে যদিও পৰৱৰ্ত্তী সময়ত চেগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে । স্থানীয় দালাল আমজাদ আলিৰ সহযোগত শ্বফিকুল পলায়ন কৰাৰ সন্দেহত আমজাদ আলিক আৰক্ষীয়ে আটক কৰে(Corrupted operator detained) । ঘটনাস্থলীত কোকিলা আৰক্ষী উপস্থিত হৈ ৰাশিদুল ইছলাম আৰু আমজাদ আলীক আটক কৰি থানালৈ লৈ যায়(Two persons detained for taking bribe) । স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত উচিত তদন্তৰ লগতে দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.