Silsako Eviction: শিলসাঁকোত উত্তপ্ত পৰিস্থিতি; জৰীপ চলাবলৈ উপস্থিত বৃহৎ আৰক্ষীৰ দল

By

Published : Jun 10, 2023, 3:56 PM IST

thumbnail

গুৱাহাটী, 10 জুন: মহানগৰীৰ শিলসাঁকোত সমৰ সদৃশ পৰিৱেশ (Silsako eviction drive) ৷ শিলসাঁকোৰ উচ্ছেদস্থলীত প্ৰশাসৰ এটা দলে বৃহৎ আৰক্ষী বাহিনীৰ সহযোগত জৰীপ চলাবলৈ উপস্থিত হোৱাৰ পাচতেই বিৰাজ কৰে উত্তেজনাময় পৰিস্থিতিয়ে ৷ উল্লেখ্য যে শিলসাঁকোৰ উচ্ছেদস্থলীত অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আৰু GMDAৰ চাৰি বিষয়াৰ সহিতে এটা বৃহৎ নিৰাপত্তাৰক্ষীৰ দল জৰীপ চলাবলৈ শনিবাৰে উপস্থিত হয় (Survey at Silsako beel) ৷  

জৰীপ চলাবলৈ দলটো উপস্থিত হোৱাৰ পাচতে স্থানীয় ৰাইজে বাধা প্ৰদান কৰে আৰক্ষীক ৷ আৰক্ষীৰ এনে সমৰসজ্জা দেখি স্বাভাৱকিতে আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৰাইজৰ মাজত ৷ উলল্লেখ্য যে শিলসাঁকোত পুনৰ উচ্ছেদ চলোৱাৰ সম্ভৱানা আছে প্ৰশাসনে ৷ যিকোনো পৰিস্থিতিতেই উচ্ছেদ চলাবলৈ দিয়া নহ’ব বুলি মন্তব্য স্থানীয় ৰাইজৰ ৷ 

স্মৰ্তব্য যে কিছুদিন পূৰ্বে শিলসাঁকোত প্ৰাশসনে চলাইছিল বৃহৎ উচ্ছেদ অভিযান ৷ উচ্ছেদিতসকলে পুনৰ সংস্থাপনৰ দাবীৰে অব্যাহত ৰাখিছে প্ৰতিবাদ (protest over Silsako eviction) ৷ 

লগতে পঢ়ক: Priya Kumari death update : এ কে কনষ্ট্ৰাকশ্যনৰ ছুপাৰভাইজাৰ পাৰিজাত শইকীয়াক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.