ETV Bharat / state

Priya Kumari death update : এ কে কনষ্ট্ৰাকশ্যনৰ ছুপাৰভাইজাৰ পাৰিজাত শইকীয়াক গ্ৰেপ্তাৰ

author img

By

Published : Jun 10, 2023, 11:00 AM IST

Updated : Jun 10, 2023, 11:47 AM IST

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এ কে কনষ্ট্ৰাকশ্যনৰ আন এজন ছুপাৰভাইজাৰক গ্ৰেপ্তাৰ কৰা হৈছে ৷ চতিয়াৰ পৰা গ্ৰেপ্তাৰ হোৱা ছুপাৰভাইজাৰজনৰ নাম পাৰিজাত শইকীয়া বুলি জানিব পৰা গৈছে (Supervisor of AK Construction Company Arrested) ৷

Priya Kumari death update
ছুপাৰভাইজাৰ পাৰিজাত শইকীয়া

গুৱাহাটী, ১০ জুন : মহানগৰীৰ য’তে-ত’তে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত ৷ ফলত ৰাজপথত দেখা দিছে যান-জঁট ৷ সকলোৰে জ্ঞাত যে, অনুমতিবহীনভাৱে মহানগৰীৰ ৰাজপথত খন্দা এটা গাঁতেই কাল হ’ল এগৰাকী মেধাৱী ছাত্ৰীৰ বাবে ৷ যি ঘটনাই জোকাৰি গৈছে ৰাজ্য (Guwahati Road accident) ।

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এ কে কনষ্ট্ৰাকশ্যনৰ ছুপাৰভাইজাৰ পাৰিজাত শইকীয়াক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে (Supervisor of AK Construction Company Arrested Parijat Saikia)৷ উল্লেখ্য যে, জাইকাৰ পানী যোগানৰ বাবে পানীৰ পাইপ সংস্থাপনৰ হেতুকে মহানগৰীৰ বিভিন্ন স্থানত খন্দা হৈছিল বৃহৎ বৃহৎ গাঁত ৷

এই উন্মুক্ত গাঁতৰ বাবেই চলিত মাহৰ ৮ তাৰিখে মহানগৰীৰ গণেশগুৰিত মৃত্যু হৈছিল প্ৰিয়া কুমাৰীৰ (Priya Kumari Guwahati accident) ৷ এই মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিচত বিতৰ্কিত ঠিকাদাৰী প্ৰতিষ্ঠান এ কে কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হৈছিল চাৰিটাকৈ গোচৰ ৷ ইয়াৰ পিছতে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ ছুপাৰভাইজাৰ পি বালাজীক গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক : Guwahati Road accident: গুৱাহাটীৰ প্ৰিয়া কুমাৰীৰ দুৰ্ঘটনা সন্দৰ্ভত দুটা ভুল আঙুলিয়ালে মুখ্যমন্ত্ৰীয়ে

পিছতে শুকুৰবাৰে বিয়লি আন এজন ছুপাৰভাইজাৰক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে । ধৃত ছুপাৰভাইজাৰজনৰ নাম পাৰিজাত শইকীয়া । জানিব পৰা মতে, চতিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত ছুপাৰভাইজাৰজনক । জলবৰ্ডে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত দিয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ ছুপাৰভাইজাৰ দুজনক ৷

তথ্য অনুসৰি, বিতৰ্কিত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ৰাজপথত গাঁত খন্দাৰ নামত লোকনিৰ্মাণ বিভাগ তথা যান-বাহন আৰক্ষীৰ পৰা লোৱা নাছিল অনুমতি । ৰাজপথত খন্দা গাঁতটো উন্মুক্ত কৰি থৈ গৈছিল প্ৰতিষ্ঠানটোৱে । যাৰ ফলতে বৃহস্পতিবাৰে গণেশগুৰিত শোকাৱহ পথ দুৰ্ঘটনাটো পতিত হৈ প্ৰিয়া কুমাৰীয়ে অকাল মৃত্যু সাৱটিব লগাত পৰিছিল (Class 11 student died in accident in Guwahati) ।

লগতে পঢ়ক : Guwahati Road accident: বিতৰ্কিত এ কে কনষ্ট্ৰাকশ্যনৰ ছুপাৰভাইজাৰ পি বালাজী গ্ৰেপ্তাৰ

Last Updated : Jun 10, 2023, 11:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.