Raids in Gutkha godown: বৰপেটাৰোডৰ গুটখা গুদামত GST বিভাগৰ অভিযান

By

Published : Aug 18, 2023, 8:16 PM IST

thumbnail

বৰপেটাৰোড, ১৮ আগষ্ট: বৰপেটাৰোডৰ গুটখা ব্যৱসায়ী বিষ্ণু ভদ্ৰৰ ব্যৱসায়ী প্ৰতিষ্ঠান আৰু তেওঁৰ দুটাকৈ গুদামত শুকুৰবাৰে পুনৰ গুৱাহাটীৰ পৰা অহা এছ,টি,এফ আৰু বৰপেটাৰোড জি,এছ,টি বিভাগে যুটীয়াভাৱে অভিযান চলায় । ১৪ আগষ্টৰ নিশাও গুৱাহাটীৰ এছ,টি,এফে অভিযান চলাই বিষ্ণু ভদ্ৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসহ দুটাকৈ গুদাম ছীল কৰিছিল ।  

স্মৰ্তব্য যে গুৱাহাটীৰ গুটখাৰ মাফিয়া উদয় শংকৰ চৌৰাছিয়াৰ জব্দকৃত গুটখাৰ আঁত ধৰিয়েই গুৱাহাটী এছটিএফৰ তৰফৰ পৰা বৰপেটাৰোডৰ ব্যৱসায়ী বিষ্ণু ভদ্ৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান ছীল কৰিছিল । আনহাতে জি,এছ,টি বিভাগেও বিষ্ণু ভদ্ৰৰ বিৰুদ্ধে এই সংক্ৰান্তত এক গোচৰ ৰুজু কৰিছিল ৷

সেইমৰ্মে গুৱাহাটীৰ পৰা অহা এছ,টি,এফ বাহিনী আৰু বৰপেটাৰোড জি,এছ,টি বিভাগে যুটীয়াভাৱে পুনৰ অভিযান চলায় । অভিযানকালত বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়ৰ উপস্থিতিত বিষ্ণু ভদ্ৰৰ ছীল কৰা দুটাকৈ গুদামসহ ব্যৱসায়ী প্ৰতিষ্ঠানত উপস্থিত হৈ ব্যৱসায় প্ৰতিষ্ঠানৰ নথিসমূহ জব্দ কৰে ৷  

সংগ্ৰহ কৰা নথিসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰাৰ অন্তত কিবা বিসংগতি দেখা পালে ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে গুদাম গৃহ পুনৰ ছীল কৰা হব বুলি জানিবলৈ দিয়ে ৷ যদি কৰ ফাঁকিৰে ব্যৱসায়ী চলাই থকাৰ তথ্য লাভ কৰে তেন্তে আইন অনুযায়ী ব্যৱসায়ী বিষ্ণু ভদ্ৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কৰাৰ ওপৰিও জৰিমনা বিহা হ'ব বুলি জি,এছ,টি বিভাগে জানিবলৈ দিয়ে । 

লগতে পঢ়ক: Indrani Tahbildar's Death Case : ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলৰ কঠোৰ শাস্তিৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.