ETV Bharat / state

Indrani Tahbildar's Death Case : ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলৰ কঠোৰ শাস্তিৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

author img

By

Published : Aug 18, 2023, 5:27 PM IST

প্রয়াত ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰু শাস্তি প্রদানৰ দাবী উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ৷ শুকুৰবাৰে কংগ্ৰেছ নেত্ৰী প্ৰণতি ফুকন, ববিতা শৰ্মা, নন্দীতা দাস, ৰজলিনা তিৰ্কীয়ে এই সন্দৰ্ভত ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে ৷

Press Conference of APCC in Guwahati
ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী, 18 আগষ্ট : বিজেপি নেত্রী প্রয়াত ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰু শাস্তি প্রদানৰ দাবী উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ৷ এই সন্দৰ্ভত শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ কংগ্ৰেছ নেত্ৰী প্ৰণতি ফুকন, ববিতা শৰ্মা, নন্দিতা দাস, ৰ’জলিনা তিৰ্কীয়ে মহানগৰ আৰক্ষী আয়ুক্তক এখন এজাহাৰ দাখিল কৰে ৷ ইয়াৰ পিছতে ৰাজীৱ ভৱনত কংগ্ৰেছৰ এইসকল মহিলা নেত্ৰীয়ে এক সংবাদমেল সম্বোধন কৰে ৷

সংবাদমেলত কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে কয় যে বিজেপি নেত্রী ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই প্ৰমাণ কৰে যে ধনৰ বিনিময়ত চৰকাৰী চাকৰি যোগান ধৰাৰ নামত শাসনাধিষ্ঠ দল আৰু চৰকাৰৰ মাজত এক গোপন বুজা বুজি চলি আছে ৷ যিয়ে শাসনাধিষ্ঠ দল আৰু চৰকাৰৰ মাজত চলি থকা আভ্যন্তৰীণ দুর্নীতি স্পষ্টকৈ উদঙাই দিছে ৷ যিহেতু চৰকাৰী চাকৰি যোগান ধৰাৰ নামত ধন লোৱা ব্যক্তিসকলৰ বিষয়ে আৰক্ষী বিভাগ অৱগত; সেয়েহে তেওঁলোকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত গোচৰ ৰুজু কৰি অতি শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে ৷

সংবাদমেলত তেওঁ কয় যে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই এই কথা স্পষ্ট কৰিছে যে অসমৰ নাৰী সমাজৰ সুৰক্ষা আৰু মৰ্যদা সন্দৰ্ভত বিজেপি দল আৰু চৰকাৰ নিৰ্বিকাৰ ৷ যিসকল ব্যক্তিয়ে প্রয়াত বিজেপি নেত্রী ইন্দ্ৰাণী তহবিলদাৰৰ ফটো, ভিডিঅ' আৰু ফোন ক'ল আদি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল তেওঁ লোকৰ বিৰুদ্ধে চাইবাৰ আইনৰ ধাৰাত গোচৰ ৰুজু কৰি কঠোৰ শাস্তি প্রদানৰ ব্যৱস্থা কৰিব লাগে ৷ ইয়াৰোপৰি প্ৰয়াত বিজেপি নেত্ৰী তহবিলদাৰক যিসকল ব্যক্তিৰ কাৰুকাৰ্যই আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰিছিল সেই ব্যক্তি সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ ৰুজু কৰি তেওঁলোকক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে বুলি কয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

সংবাদমেলত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সততে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কৈ থাকে ৷ কিন্তু বৰ্তমান অসম চৰকাৰৰ দিনত শাসনাধীষ্ঠ দলৰ সদস্য আৰু চৰকাৰৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত চাকৰি প্ৰদানৰ নামত অবাধ ধনৰ লেনদেনৰ মাজেৰে দুর্নীতি, ভ্ৰষ্টাচাৰ চলি আছে ৷ বৰ্তমানৰ ৰাজ্য চৰকাৰে যে ধনৰ বিনিময়ত চৰকাৰী চাকৰি প্ৰদানত এক অবাধ দুৰ্নীতিৰ আশ্ৰয় লৈছে সেই কথা ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই স্পষ্টৰূপে প্ৰমাণিত কৰে ৷

ইফালে সংবাদমেলত কংগ্ৰেছ নেত্ৰী নন্দিতা দাসে কয় যে শাসকীয় দলৰ নেতাসকলৰ মুখত অহৰহ ভাৰতীয় সভ্যতা-সংস্কৃতিৰ কথা শুনি থকা যায় ৷ ভাৰতীয় সভ্যতা সংস্কৃতিৰ অন্যতম প্ৰধান নীতিয়েই হৈছে নাৰীক সন্মান কৰা, নাৰীক সুৰক্ষা প্ৰদান কৰা ৷ কিন্তু দুৰ্ভাগ্যৰ কথা সভ্যতা-সংস্কৃতিৰ কথা অহৰহ আওঁৰাই থকা শাসকীয় দলত আজি কি হৈছে? দলৰে নেতাই দলৰে নেত্ৰীক আত্মহত্যা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিলে ৷ কোনোবা নেতা জেললৈ যাব লগা হৈছে ৷ কোনোবা কোনোবা পলাই থাকিব লগা হৈছে ৷ এয়াই আমাৰ ৰাজ্যৰ জনসাধাৰণৰ সন্মুখত শাসকীয় দলৰ আদৰ্শ ? এয়া ভাৰতীয় শিক্ষা ? ভাৰতীয় জ্ঞান–সভ্যতা সংস্কৃতি নেকি বুলি প্ৰশ্ন কৰে নেত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : Rangia Double Suicide case update: প্ৰবীণ আগৰৱালাক লগত লৈ মাতৃ কন্যাৰ আত্মহনন তদন্ত আগুৱাইছে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.