Krishak mukti sangram samiti:জাতীয়‌ সংগঠনৰ আঠগৰাকী নেতাৰ‌ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লোৱাৰ দাবী

By

Published : Aug 18, 2023, 10:52 PM IST

thumbnail

গুৱাহাটী, 18 আগষ্ট : নিৰ্বাচন আয়োগৰ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত প্ৰকাশ কৰা চূড়ান্ত তালিকাক লৈ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে । যোৱা বৃহস্পতিবাৰে কেবাটাও দল‌ সংগঠনে শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰোধিতাৰে সমষ্টি বন্ধ ঘোষণাৰ বাবে দল‌ সংগঠনৰ কেইবাজনো নেতাৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল । ইয়াৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

তেওঁ কয় যে উচ্চতম ন্যায়ালয়ত চলি থকা অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ গোচৰ সন্দৰ্ভত চূড়ান্ত ৰায় নিদিয়া পৰ্যন্ত নিৰ্বাচন আয়োগৰ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত প্ৰকাশ কৰা চূড়ান্ত তালিকা মানি লোৱা নহয় । লগতে তেওঁ শিৱসাগৰ আৰক্ষীয়ে কৃষক‌ মুক্তিকে ধৰি বীৰ লাচিত সেনা, তাই আহোম যুৱ পৰিষদ, অসম যুৱ পৰিষদ আদি সংগঠনৰ আঠগৰাকী নেতাৰ‌ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লবলৈ দাবী জনায় । অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে তেওঁ ।

লগতে পঢ়ক : Congress preparation of Lok Sabha Election:আমেথিৰ পৰাই লোকসভা নিৰ্বাচন খেলিব ৰাহুল গান্ধীয়ে !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.