ETV Bharat / bharat

Congress preparation of Lok Sabha Election:আমেথিৰ পৰাই লোকসভা নিৰ্বাচন খেলিব ৰাহুল গান্ধীয়ে !

author img

By

Published : Aug 18, 2023, 8:22 PM IST

ৰাহুল গান্ধীয়ে আমেথি লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ ইংগিত দিলে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী অজয় ৰায়ে । আনহাতে, বাৰাণসীৰ পৰা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই প্ৰতিদ্বন্দিতা কৰিব পাৰে বুলি ক'লে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে ।

Rahul Gandhi
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী

নেশ্য়নেল ডেস্ক, ১৮ আগষ্ট: কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আগন্তুক লোকসভা নিৰ্বাচনত আমেথি লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । এই বিষয়ে সদৰী কৰিছে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী অজয় ৰায়ে । শুকুৰবাৰে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী অজয় ৰায়ে এই বিষয়ে উল্লেখ কৰি কয় যে নিশ্চিতভাৱে ৰাহুল গান্ধীয়ে আমেথি লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । তেওঁ কয়," প্ৰিয়ংকা গান্ধী ভাদ্ৰাই যদি আগ্ৰহ প্ৰকাশ কৰে তেন্তে তেওঁ বাৰাণসীৰ পৰা প্ৰতিদ্বন্দিতা কৰিব পাৰে । আমাৰ দলৰ প্ৰতিজন কৰ্মীয়ে ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব ।"

উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী অজয় ৰায়ে,"স্মৃতি ইৰাণী নিজেই আতংকিত হৈ পৰিছে । তেওঁ আমেথিৰ লোকসকলক ১৩ টকাত চেনী প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁলোকক বিজেপিক ভোট দিবলৈ কৈছিল ।" তেওঁ সেইটো কৰিবলৈ সক্ষম হৈছে নেকি প্ৰশ্ন কৰে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী অজয় ৰায়ে ।

নতুন দিল্লীত জন্মগ্ৰহণ কৰা ৰাহুল গান্ধীয়ে ২০১৯ ৰ লোকসভা নিৰ্বাচনত আমেথি সমষ্টিৰ পৰা বিজেপি নেতা তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ হাতত পৰাজিত হৈছিল । অৱশ্যে,তেওঁ কেৰালাৰ ৱায়ানাড লোকসভা সমষ্টিৰ পৰাও প্ৰতিদ্বন্দিতা কৰিছিল । দক্ষিণৰ ৰাজ্যখনৰ আসনখনত বিজয়ী হৈছিল ৰাহুল গান্ধী ।

ৰাহুল গান্ধীৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি পৰ্যন্ত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাই । বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিৰ পৰা জয়ী হৈছিল । তেওঁ ২০১৯ ৰ লোকসভা নিৰ্বাচনত অজয় ৰায়ক পৰাজিত কৰিছিল । ৰায়ে বাৰাণসী সমষ্টিৰ পৰা ২০১৪ চনৰ লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰিছিল যদিও বিজয়ী হ'বলৈ সক্ষম হোৱা নাছিল ।

ইপিনে, বৃহস্পতিবাৰে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেই অজয় ৰায়ক তাৎক্ষণিক ভাৱে উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিযুক্তি দিয়ে । উল্লেখ্য় যে মোদী উপাধি মানহানিৰ গোচৰত উচ্চতম ন্যায়ালয়ে দোষী সাব্যস্ত কৰাৰ ওপৰত স্থগিতাদেশ দিয়াৰ পিছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীৰ লোকসভাৰ সদস্যপদ পুনৰ বাহাল ৰাখে ।

লগতে পঢ়ক:Disaster in Uttarakhand : ধাৰাসাৰ বৰষুণত বিধ্বস্ত পথ; গৰ্ভৱতী মহিলাক কান্ধত তুলি নিলে চিকিৎসালয়লৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.