Govt ferry sank in Brahmaputra: অফলামুখ ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুতে জাহ গ’ল ২৫ লাখ টকীয়া চৰকাৰী ফেৰী

By

Published : Nov 15, 2022, 10:00 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

মাজুলীৰ অফলামুখ ঘাটত ব্ৰহ্মপুত্ৰত ডুব গ’ল প্ৰায় ২৫ লাখ টকীয়া চৰকাৰী ফেৰী (Govt ferry sank in Brahmaputra)। জিলা পশু আৰু চিকিৎসা বিভাগৰ মোবাইল ইউনিটে ব্যৱহাৰ কৰিবলৈ প্ৰায় ২৫ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল ফেৰীখন (Aphalamukh ghat in Majuli)। মাজুলীৰ বিভিন্ন চৰ চাপৰি অঞ্চলত পশু চিকিৎসাৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ এই ফেৰীখন অতি উন্নত মানদণ্ডৰে নিৰ্মাণ কৰা হৈছিল । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিছিল এই ফেৰীখন ৷ কিন্তু এদিনো ব্যৱহাৰ নকৰাকৈ নদীৰ বুকুতে জাহ যায় ফেৰীখন । পশু চিকিৎসা বিষয়াই জনোৱা মতে, ফেৰীখন দিয়াৰ পিছত চোৱাচিতা কৰিবলৈ কোনো চালক, হেণ্ডিমেন অথবা চকিদাৰ নিযুক্তি দিয়া হোৱা নাছিল ৷ ফলত বাৰিষাৰ সময়ত ফেৰীখনৰ ভিতৰত পানী সোমাই ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.