Golden Thread of Assam : কলিয়াবৰত ৰোপণ কৰা হ’ল মুগা পলুৰ খাদ্য গছ

By

Published : Mar 31, 2023, 2:59 PM IST

thumbnail

নগাঁও, 31 মাৰ্চ :  অসমৰ অৰ্থনীতিৰ গৌৰৱ মুগা শিল্প ৷ ৰঙালী বিহুৰ ব্যস্ততাৰ সমান্তৰালকৈ ব্যস্ততা বাঢ়িছে মুগা পলু পালকসকলৰ ৷ মুগা খাদ‍্য গছ ৰোপন কেন্দ্ৰ, নলতলিয়ে মুগা পালনৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ ৷ বিহু যেনেদৰে কেৱল অসমত পালন কৰা হয় একেদৰে মুগা পলু কেৱল অসমতেই উৎপাদন হয় । এই মুগা শিল্পৰ প্ৰসাৰৰ বাবে কলিয়াবৰত মুগা পলুৰ খাদ্য গছ ৰোপণৰ বাবে কলিয়াবৰৰ নলতলিস্থিত ৰেচম বিভাগে দেখুৱাইছে তৎপৰতা (Golden Thread of Assam) । 

মুগা পলু প্ৰতিপালন আৰু মুগা সূতা উৎপাদনত সফল পদক্ষেপ গ্ৰহণৰে আমাৰ পৰম্পৰা ঐতিহ্য ৰক্ষাৰ বাবে বিভাগে গ্ৰহণ কৰিছে ব্যৱস্থা । যিদৰে অসমৰ বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰে পদক্ষেপ হাতত লৈছে ঠিক তেনেদৰে অসমৰ মুগা শিল্প বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে মুগা খাদ‍্য গছ ৰোপন কেন্দ্ৰৰ কৰ্তৃপক্ষই । 

লগতে পঢ়ক : Protest against municipality tax hike: অত্যাধিক পৌৰ কৰৰ বিৰোধিতাৰে টীয়কত গণ বিক্ষোভ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.