ETV Bharat / state

Protest against municipality tax hike: অত্যাধিক পৌৰ কৰৰ বিৰোধিতাৰে টীয়কত গণ বিক্ষোভ

author img

By

Published : Mar 31, 2023, 1:30 PM IST

অত্যাধিক পৌৰ কৰৰ বিৰোধিতাৰে যোৰহাটৰ টীয়কত গণ বিক্ষোভ ৷ নূন্যতম সা-সুবিধা প্ৰদানৰ পিছতহে টীয়ক পৌৰ কৰ্তৃপক্ষক কৰ লোৱাৰ দাবী নাগৰিকৰ (Protest against municipality tax hike at Teok) ৷

Civil society protest at Teok
কৰ সংগ্ৰহৰ বিৰুদ্ধে এক গণ বিক্ষোভ কাৰ্যসূচী

কৰ সংগ্ৰহৰ বিৰুদ্ধে এক গণ বিক্ষোভ কাৰ্যসূচী

যোৰহাট, 31 মাৰ্চ : টীয়ক পৌৰসভাৰ অত্যাধিক কৰ সংগ্ৰহৰ সিদ্ধান্ত বাতিলৰ দাবীত টীয়কৰ নাগৰিক সমিতিৰ উদ্যোগত টীয়ক বাছ আস্থানৰ সন্মুখত বৃহস্পতিবাৰে টীয়ক সাহিত্য সভা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, টীয়ক প্ৰেছ ক্লাব, টীয়ক জেষ্ঠ নাগৰিক সন্থা, টীয়ক প্ৰগতিশীল মহিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতি, টীয়ক চুতীয়া ছাত্র সন্থা, টীয়ক বাণিজ্য সন্থা, জগদুৱাৰ ব্যৱসায়ী সন্থা, টীয়ক মিচিং ছাত্র সন্থাকে ধৰি বিভিন্ন অনুষ্ঠানৰ-প্ৰতিষ্ঠানৰ সহযোগত টীয়ক পৌৰসভাৰ অত্যাধিক কৰ সংগ্ৰহৰ বিৰুদ্ধে এক গণ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয় (Protest against municipality tax hike at Teok)।

নাগৰিক সমিতি টীয়কৰ যুটীয়া সম্পাদক জিতু নেওগে আঁত ধৰা এই বিক্ষোভ কাৰ্যসূচীত প্ৰদীপ চুতীয়া, ৰিজু কুমাৰ শইকীয়া ,উৎপল কুমাৰ বৰা, খিজিৰতৎদ্দিন আহমেদ, বিশ্বজিৎ নাথ, ডাঃ মহানন্দ নেওগ, ৰন্টু ভূঞা, দিপুল শইকীয়া , সুৰেন শইকীয়া, প্ৰীতমজ্যোতি শইকীয়া, ইভা ভৰালী, অঞ্জনা বৰাকে ধৰি বিভিন্ন দল-সংগঠনৰ বহুকেইগৰাকী বক্তাই অত্যাধিক কৰ আৰোপৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে । লগতে ৰাইজে ইতিপূৰ্বে সিদ্ধান্ত ক্ৰমে কৰ সংগ্ৰহ কৰা বাতিল কৰা, পৌৰসভাত এতিয়াও নিযুক্ত হৈ থকা কৃষি অভিযন্তাক অপসাৰণ কৰি তৎকালীনভাৱে কাৰিকৰী অভিযন্তা নিয়োগ কৰাৰ দাবী জনায় (Civil society Protest against municipality tax hike at Teok)৷

মূলতঃ ৰাজহুৱা সিদ্ধান্ত পৌৰসভাই মানি নল'লে আইনী ব্যৱস্থা গ্ৰহণ কৰাকে ধৰি কেইবাটাও সিদ্ধান্ত প্ৰায় পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত গ্ৰহণ কৰে নাগৰিক সমিতিয়ে । ইপিনে এই গণ বিক্ষোভ কাৰ্যসূচীত পৌৰসভাৰ উপ পৌৰপতিকে ধৰি আঠজনকৈ ৱাৰ্ড আয়ুক্ত উপস্থিত হৈ ৰাইজৰ সিদ্ধান্তক মুকলিভাৱে সমৰ্থন আগবঢ়াই নগৰখনত নূন্যতম সা সুবিধাসমূহ প্ৰদান কৰিব নোৱাৰালৈকে চৰকাৰ তথা উৰ্ধতম কৰ্তৃপক্ষক কৰ সংগ্ৰহৰ বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় ৷ এইক্ষেত্ৰত তেওঁলোকে ৰাইজক পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মন্তব্য আগবঢ়ায় (Civil society protest at Teok)।

লগতে পঢ়ক : Mission against polythene: পলিথিনৰ বিৰোধিতাৰে ৰাজপথত নাৰী সমাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.