Baby Golden langur crying : মৃত মাতৃৰ কাষত চিঞৰি চিঞৰি কান্দিছে এটা সোণালী বান্দৰৰ পোৱালিয়ে

By

Published : Feb 24, 2023, 9:34 PM IST

thumbnail

বঙাইগাঁও, 24 ফেব্ৰুৱাৰী : এটা সোণালী বান্দৰৰ পোৱালি ৷ মৃত মাতৃৰ কাষতে বহি কেৱল চিঞৰি চিঞৰি কান্দিছে (Baby Golden langur crying)৷ সেই অকণমানি পোৱালিটোৱে হয়তো গমকে পোৱা নাই যে, জীৱ শ্ৰেষ্ঠ হিচাবে পৰিচিত কোনো লোকৰ গাড়ীৰ খুন্দাত ইতিমধ্যে মৃত্যু হৈছে তাৰ মাকৰ ৷ ইফালে সিফালে বান্দৰৰ পোৱালিটোৱে মানুহৰ জুমটোক কেৱল চাই চাই চিঞৰিছে ৷ এই দৃশ্য প্ৰত্যক্ষ কাৰ প্ৰতিজন লোকৰ নিগৰিছে চকুলো ৷

তথ্য অনুসৰি, শুকুৰবাৰে বঙাইগাঁও জিলাৰ কাকৈজানাত এক পথ দুৰ্ঘটনাত এজনী সোণালী বান্দৰৰ মৃত্যু হয় (Golden langur Death in a road accident)। দুৰ্ঘটনাত মৃত্যু হোৱা মাতৃক সাৱটি ধৰি কান্দিছে বান্দৰজনীৰ কণমানি পোৱালিটোৱে । এই ঘটনাক কেন্দ্ৰ কৰি সংবাদ মাধ্যমৰ জৰিয়তে সেউজ মাণিকপুৰৰ তৰফৰ পৰা মহিধৰ ৰায়ে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷

তেওঁ কয়, ‘‘সেউজ মানিকপুৰে বিভক্ত গোৱালপাৰাৰ হিয়াৰ আমঠু তথা বিলুপ্তিৰ পথত থকা সোণালী বান্দৰক সংৰক্ষণ প্ৰদান কৰাৰ বাবে বন বিভাগ তথা চৰকাৰক বাৰে বাৰে আবেদন-নিবেদন কৰি আহিছো ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰাহে কোনো সু-ফল লাভ কৰা নাই’’ ৷

লগতে তেওঁ আৰু কয়, ‘‘তথ্য অনুসৰি, প্ৰতিমাহত দুটাৰ পৰা তিনিটা সোণালী বান্দৰৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত নাইবা উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় ৷ আজি পুৱাও আকৌ তেনে এক ঘটনাৰে পুনৰাবৃত্তি ঘটিল ৷ কাকৈজানাত ৰাষ্ট্ৰীয় ঘাইপথতে বাহনৰ খুন্দাত নিহত হয় এটা সোণালী বান্দৰ ৷ যদিহে প্ৰতিটো মাহতে এনেকৈ দুই-তিনিটা বান্দৰৰ মৃত্যু হয় তেন্তে গোৱালপাৰাৰ লগতে ৰাজ্যৰ পৰাই নাইকিয়া হ’ব এই প্ৰজাতিৰ বান্দৰ’’ ৷

সোণালী বান্দৰক সংৰক্ষণ দিয়াৰ প্ৰসংগত তেওঁ কয়, ‘‘অতি সোনকালে সোণালী বান্দৰ ক’ৰিডৰ চিহ্নিত কৰি বেনাৰ-পোষ্টাৰ মৰিব লাগে ৷ লগতে Drive slow Golden langur ক’ৰিডৰ আৰু ক’ৰিডৰত পৰীক্ষামূলকভাৱে অভাৰ ব্ৰীজৰ ব্যৱস্থা কৰিব লাগে ৷ যদি এনে নকৰে তেন্তে অনাগত ভৱিষ্যতত পৰৱৰ্তী প্ৰজন্মই সোণালী বান্দৰ মিউজিয়ামতহে চাব লাগিব’’ ৷

মহিধৰ ৰায়ে উল্লেখ কৰে যে, গঁড় পৃথিৱীৰ বহুত দেশত পোৱা যায় ৷ কিন্তু সোণালী বান্দৰ একমাত্ৰ অবিভক্ত গোৱালপাৰা জিলাত পোৱা যায় । তাৰোপৰি সোণালী বান্দৰ BTR ৰ পৰিবহণ চিহ্ন সোণালী বান্দৰ সংৰক্ষণ ৰক্ষা আমাৰ দ্বায়িত্ব আৰু কৰ্তব্য ৷ নামনি অসমৰ পৰ্যটনৰ এক মাত্ৰ উৎস আৰু ৰাজহ দিব পৰা প্ৰাণীৰ বাবেই দেশ-বিদেশৰ পৰ্যটক নামনি অসম তথা বৰপেটা, বঙাইগাঁও, কোকোৰাঝাৰ আদি জিলালৈ আহে ৷ সেয়ে চৰকাৰ তথা বন বিভাগক যিকোনো বিনিময়ত যাতে প্ৰাণীবিধ ৰক্ষা কৰে তাৰ বাবে কাতৰ অনুৰোধ কৰে মহিধৰ ৰায়ে ৷

লগতে পঢ়ক : Traditional fish hunting festival : কুহুম ফুলা বিলত মৎস চিকাৰ উৎসৱ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.