Traditional fish hunting festival : কুহুম ফুলা বিলত মৎস চিকাৰ উৎসৱ

By

Published : Feb 24, 2023, 8:27 PM IST

thumbnail

গোৱালপাৰা, 24 ফেব্ৰুৱাৰী : ‘‘মৎস্য চিকাৰ কৰক আৰু লাভ কৰক পুৰস্কাৰ ৷’’ শুকুৰবাৰে গোৱালপাৰা জিলাৰ দুধনৈত পালন কৰা হয় আকৰ্ষণীয় মাছধৰা উৎসৱ (Traditional fish hunting festival) ৷ এই ৰাজহুৱা মৎস চিকাৰ উৎসৱত সমবেত হয় অগনন লোকৰ ৷

উল্লেখ যে, ঐতিহাসিক “কুহুম ফুলা” বিলত প্ৰতিবছৰে ফাগুন মাহত অনুষ্ঠিত কৰা হয় সমূহীয়া মাছ ধৰা উৎসৱৰ ৷ বিগত বৰ্ষসমূহৰ দৰে এইবেলিও অনুষ্ঠিত কৰা হয় সমূহীয়া মাছ ধৰা উৎসৱ ৷ দুধনৈৰ চিলুক মৌজা উন্নয়ন সমিতিৰ দ্বাৰা আয়োজন কৰা হয় এই সমূহীয়া মাছ মৰা উৎসৱটি (Traditional fish haunting at Goalpara)৷

পুৱাই মাছ ধৰিবৰলৈ হাতে হাতে জাল, পল, জাকৈ আদি লৈ বিলত নামিল সহস্ৰাধিক পুৰুষ-মহিলা ৷ কোনোৱে যদি ধৰিছে ৰৌ, বৰালি, ভকুৱা আৰু আন কোনোৱে পালে শ’ল, গৰৈ, পুঠি, খলিহনা ইত্যাদি ৷ মুঠৰ ওপৰত শুকুৰবাৰে পুৱাৰে পৰা এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় দুধনৈৰ “কুহুম ফুলা” বিলত ৷

লগতে পঢ়ক : Public Fishing on Bhogali Bihu : কাজিৰঙাত নিষিদ্ধ ভোগালীৰ পৰম্পৰাগত মৎস্য চিকাৰ, উদ্ধাৰ দুষ্প্ৰাপ্য চেং মাছ

এইবেলি বিলখনত পঞ্চম বাৰ্ষিক সমূহীয়া মাছমৰা উৎসৱত সহস্ৰাধিক মাছুৱৈ পুৰুষ-মহিলাক দেখি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিল আয়োজক কমিটীও ৷ আনকি এই দৃষ্টিনন্দন দৃশ্য উপভোগ কৰিলে বহু লোকেও ৷ অসমৰ গোৱালপাৰা, কামৰূপ জিলাকে ধৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও জাল, পল, জাকৈ লৈ বিলখনত মাছ মাৰিবলৈ আহিল মাছমৰীয়া ৷ লগতে মাছমৰীয়া সকলক উৎসাহিত কৰাৰ বাবে পুৰষ্কাৰোৰ ব্যৱস্থা কৰে আয়োজক সমিতিয়ে ৷

লগতে পঢ়ক : Traditional fish hunting in Morigaon: বুকুত মেঠনি মাৰি জাকৈ-খালৈ লৈ মৎস্য চিকাৰত নামিল আঙুৰলতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.