ETV Bharat / entertainment

অন্য ছবিৰ সৈতে সংঘৰ্ষ এৰাই মুক্তিৰ তাৰিখ আগুৱালে ‘দেৱৰা’ৰ নিৰ্মাতাই - Jr Ntr Janhvi Kapoor Film

Jr Ntr Janhvi Kapoor Film: জুনিয়ৰ এনটিআৰ অভিনীত 'দেৱৰা' আগতীয়াকৈ আহিব ছবিগৃহলৈ ৷ নিৰ্মাতাই ঘোষণা কৰিলে নতুন মুক্তিৰ তাৰিখ ৷

Jr NTR Starrer 'Devara' Coming Early, New Release Date Announced by Makers
শীঘ্ৰেই ছবিগৃহত দেৱৰা (ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : June 14, 2024 at 10:44 AM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 14 জুন : 'দেৱৰা- ১ম খণ্ড'ৰ নতুন মুক্তিৰ তাৰিখ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে ৷ প্ৰথম অৱস্থাত ১০ অক্টোবৰত মুক্তি পাবলগীয়া ছবিখন এতিয়া ২৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব,অৰ্থাৎ নিৰ্ধাৰিত সময়সূচীতকৈ দুসপ্তাহ আগতে ছবিগৃহলৈ আহিব ছবিখন । তাৰিখৰ এই সালসলনি এক্সত দেৱৰাৰ দলে নিশ্চিত কৰিছে ৷ স্পষ্ট কৰি দিছে যে ‘দেৱৰা-পাৰ্ট1’ সঁচাকৈয়ে পূৰ্বতে পৰিকল্পনা কৰাতকৈ আগতে মুকলি কৰা হ’ব ।

সফল ছবি 'জনতা গেৰেজ'ৰ পিচত 'দেৱৰা'য়ে জুনিয়ৰ এনটিআৰ আৰু পৰিচালক কোৰাতলা শিৱৰ মাজত তেওঁলোকৰ দ্বিতীয় সহযোগিতা চিহ্নিত কৰিছে । দেৱৰা- ১ম খণ্ডৰে জাহ্নৱী কাপুৰে টলীউডত আত্মপ্ৰকাশ কৰিব ৷ এই ছবিখনত ছৈফ আলী খানে বিৰোধীৰ চৰিত্ৰত অভিনয় কৰিছে ৷

লগতে পঢ়ক : 27 বছৰীয়া পুৰণি প্ৰতিশ্ৰুতিৰে অনুৰাগীৰ কাষত ছানী দেওল - Sunny Deol announces Border 2

প্ৰথম অৱস্থাত ‘দেৱৰা’ গ্ৰীষ্মকালীন সময়ত মুক্তি পোৱাৰ কথা আছিল যদিও তাৰিখটো ১০ অক্টোবৰলৈ পিছুৱাই দিয়া হয় । কিন্তু আশা কৰাতকৈ সোনকালে ছবিখনৰ নিৰ্মাণ শেষ হোৱাৰ বাবে ১০ অক্টোবৰত মুক্তি পাবলগীয়া তামিল ছুপাৰষ্টাৰ ৰজনীকান্তৰ ছবি ‘ভেট্টায়ন’ৰ সৈতে সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ নতুন মুক্তিৰ তাৰিখ ২৭ ছেপ্টেম্বৰত নিৰ্ধাৰণ কৰা হয় । ছবিখন তামিল আৰু কানাড়া ভাষাত মুক্তি পাব ।

'দেৱৰা'ৰ প্ৰথমটো গীতটোৱে ইতিমধ্যে যথেষ্ট সফলতা লাভ কৰিছে । অনিৰুদ্ধৰ দ্বাৰা ৰচিত ছবিখনৰ দ্বিতীয়টো সুৰীয়া গীত শীঘ্ৰে মুক্তি পাবলৈ সাজু হৈছে । উপকূলীয় অঞ্চলত পৰিৱেশিত একশ্যন থ্ৰিলাৰ ছবিখনত শ্ৰুতি মাৰাথে, প্ৰকাশ ৰাজ, শ্ৰীকান্ত, অজয়, শ্বাইন টম চাকো আৰু নৰেন কুমাৰকে ধৰি অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে ।

এন টি আৰ আৰ্টছ আৰু যুৱসুধা আৰ্টছৰ যৌথ প্ৰযোজনা ‘দেৱৰা’ ক লৈ অনুৰাগীয়ে যথেষ্ট আশা কৰা দেখিবলৈ পোৱা গৈছে । আমোদজনক কথাটো হ’ল, পৱন কল্যাণৰ ‘অ’জি’ ছবিখনো ২৭ ছেপ্টেম্বৰত মুক্তি পোৱাৰ কথা আছিল যদিও শ্বুটিং বাকী থকাৰ বাবে ‘দেৱৰা’ৰ নতুন মুক্তিৰ তাৰিখ ঘোষণাৰ পিচত মুক্তিৰ তাৰিখ সলনি হ’ব পাৰে বুলি জল্পনা-কল্পনা চলিছে ।

লগতে পঢ়ক : মটকা কিঙৰ পোষ্টাৰত বিজয়ক দেখি মুগ্ধ তামান্না - Vijay Varma Matka King Poster