Silsako Eviction: শিলসাঁকোত পুনৰ উত্তপ্ত পৰিস্থিতি; উচ্ছেদিতক সংস্থাপন দিয়াৰ আশ্বাস GMDAৰ

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 3:10 PM IST

thumbnail

গুৱাহাটী,৩১ আগষ্ট: সীমা নিৰ্ধাৰণক লৈ শিলসাঁকোত বৃহস্পতিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ বৃহস্পতিবাৰে শিলসাঁকোত সীমা নিৰ্ধাৰণৰ বাবে অহা প্ৰশাসনৰ লোকৰ মাজত আৰু উচ্ছেদিত ৰাইজৰ মাজত সংঘাত সৃষ্টি হয়। সীমা নিৰ্ধাৰণৰ বাবে অহা আৰক্ষী আৰু প্ৰশাসনৰ লোকক বাধা প্ৰদান কৰে উচ্ছেদিত ৰাইজে ।

GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে উচ্ছেদিত ৰাইজে ৷ প্ৰতিবাদস্থলীত উপস্থিত থাকে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা । 

উচ্ছেদিত লোকৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ সীমা নিৰ্ধাৰণ কৰিবলৈ অহা বুলি শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি নাৰায়ণ ডেকাই ৷


সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘সদায় আলোচনা বন্ধ কোঠাত হয়, মুকলি ঠাইত আলোচনা কৰা নহয় ।’’ উচ্ছেদিত লোকৰ এই দাবীক একপ্ৰকাৰ নস্যাৎ কৰি তেওঁ কয়, ‘‘শিলসাঁকত 110 বিঘা মাটিত উচ্ছেদ চলিব । 200 টা পৰিয়ালক উচ্ছেদ কৰা হ’ব । মুখ্যমন্ত্ৰীয়ে উচ্ছেদিত লোকসকলক ক্ষতি পূৰণ হিচাপে ঘৰ দিবলৈ GMDA ক ইতিমধ্যে নিৰ্দেশ দিছে ।’’ সেই অনুসৰি আৱাস গৃহ নিৰ্মাণ কৰি উচ্ছেদিত লোকসকলক সংস্থাপন দিয়া হ’ব বুলি তেওঁ সদৰী কৰে ৷

লগতে পঢ়ক: Gateway of Assam : নৰ্থব্ৰুক গেট ‘‘গেটৱে’ অৱ আসাম’’ৰ ইতিহাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.