Gang rape at Basistha : গুৱাহাটীৰ বশিষ্ঠত দহ যুৱকৰ কামনাৰ বলি এগৰাকী যুৱতী

By

Published : Jan 27, 2023, 3:33 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গুৱাহাটী, 27 জানুৱাৰী : ক্ৰমাৎ অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী (Crime in Guwahati) ৷ আভিজাত্যৰ ফোপোলা গপ-ভেমত ওফন্দি থকা গুৱাহাটী মহানগৰীত নিতৌ সংঘটিত হৈ আহিছে এটাৰ পিচত আন এটা অপৰাধ । হত্যা, হিংসা, চোৰ, ডকাইতৰ উপৰিও অনেক অপৰাধ সংঘটিত হৈ আছে এইখন মহানগৰীত ।

শেহতীয়াকৈ মহানগৰীত বশিষ্ঠত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ দহজন যুৱকৰ কামনাৰ বলি গ’ল এগৰাকী যুৱতী (Guwahati Gang rape case)৷ এই ঘটনাটো পোহৰলৈ অহাৰ পাচতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ ঘটনাৰ বিৱৰণি অনুসৰি, গোৰেশ্বৰৰ এখন গাঁৱৰ নিবাসী ভুক্তভোগী যুৱতীগৰাকীয়ে চাইকেল চলাই গৈ থকা অৱস্থাত তেওঁক প্ৰথমে যুৱকৰ দলটোৱে অপহৰণ কৰে ।

অপহৰণৰ পিচতেই নিচাযুক্ত টেবলেট খুৱাই মহানগৰীৰ কোনো অজ্ঞাত স্থানলৈ নি ভুক্তভোগী যুৱতীগৰাকীক যুৱকৰ দলটোৱে দলবদ্ধ ধৰ্ষণ কৰে (Gang rape in Guwahati) । তথ্য অনুসৰি, সৰস্বতী পূজাৰ নিশা অৰ্থাৎ 26 জানুৱাৰীৰ নিশা সংঘটিত হয় এই ঘটনাটো । আনহাতে, বশিষ্ঠৰ এগৰাকী স্থানীয় মহিলাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, উক্ত ঘটনা সংঘটিত হোৱাৰ এদিন পাচত অৰ্থাৎ 27 জানুৱাৰীৰ দিনা যুৱতীগৰাকীক বশিষ্ঠৰ ইন্দিৰা নগৰৰ ৰাজপথত পেলাই থৈ যায় ৷

পৰৱৰ্তী পৰ্যায়ত স্থানীয় লোকৰ উপস্থিতিত যুৱতীগৰাকীক উদ্ধাৰ কৰাতহে সকলো কথা পোহৰলৈ আহে ৷ তাৰ পাচতে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় বশিষ্ঠ আৰক্ষীক ৷ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে যুৱতীগৰাকীক ৷ লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷ অৱশ্যে এই দহজনীয়া দুৰ্বৃত্তৰ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈকে লাভ কৰা নাই কোনো তথ্য ।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে বৰ্ষাপাৰাৰ এটা ভাড়াঘৰত তিনি যুৱকে এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰিছিল । আনকি ধৰ্ষণৰ সমগ্ৰ দৃশ্য ম’বাইল ফোনত বন্দী কৰি ৰাখিছিল তিনি যুৱকে । পৰৱৰ্তী পৰ্যায়ত আৰক্ষীযে তিনি যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । এই ঘটনা মাৰ নৌযাওঁতে পুনৰ পোহৰলৈ অহা মহানগৰীৰ বশিষ্ঠত দলবদ্ধ ধৰ্ষণৰ ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক : Gang Raped In Bhubaneswar: ভুৱনেশ্বৰত দুগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ, গ্ৰেপ্তাৰ এজন অভিযুক্ত

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.