ETV Bharat / bharat

Gang Raped In Bhubaneswar: ভুৱনেশ্বৰত দুগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ, গ্ৰেপ্তাৰ এজন অভিযুক্ত

author img

By

Published : Jan 18, 2023, 2:15 PM IST

ভুৱনেশ্বৰত দুগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ (Two Minor Girls Gang Raped In Bhubaneswar)। মঙলবাৰে ভুক্তভোগীৰ পিতৃ-মাতৃয়ে এই সন্দৰ্ভত আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ ৷ ইতিমধ্যেই আৰক্ষীয়ে আটক কৰিছে এজন অভিযুক্তক ৷

Two Minor Girls Gang Raped In Bhubaneswar, 1 arrested
দুগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ

নেশ্যনেল ডেস্ক, 18 জানুৱাৰী: দেশৰ ভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনেই সংঘটিত হৈ আহিছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ লুট-পাট, চুৰি, ড্ৰাগছ সৰবৰাহৰ উপৰিও বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা (Gang Rape case in India) ৷ প্ৰায় প্ৰতিদিনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ধৰ্ষণৰ দৰে বিভিন্ন অপৰাধজনিত ঘটনাই ৷

শেহতীয়াকৈ মানৱ সমাজক লজ্জানত কৰা আন এক ঘটনা পোহৰলৈ আহিছে ওড়িশাত ৷ এইবাৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈছে একেলগে দুগৰাকীকৈ কণমানি (Two Minor Girls Gang Raped In Bhubaneswar) ৷

সোমবাৰে ভুৱনেশ্বৰ পাটিয়া ৰে’ল ষ্টেচনত দুগৰাকী কণমানিক দলবদ্ধ ধৰ্ষণ কৰে দুই ধৰ্ষণকাৰীয়ে (Two minor girls gang raped after being abducted)। এই সন্দৰ্ভত মঙলবাৰে ভুক্তভোগীৰ পিতৃ-মাতৃয়ে জি আৰ পি(GRP)ত গোচৰ ৰুজু কৰাৰ পিছতে পোহৰলৈ আহে এই জঘন্য অপৰাধৰ ঘটনা । মূল অভিযুক্ত কৃষ্ণ চন্দ্ৰ মল্লিকা (২৩) ক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

পাটিয়া অঞ্চলত পৰিয়ালবৰ্গৰ সৈতে বসবাস কৰিছিল দুই ভগ্নী ৷ দুই ভগ্নীৰ বয়স মাত্ৰ ১২ আৰু ১৪ বছৰ । কিন্তু এইটো বয়সতে তেওঁলোকৰ সৈতে এনে জঘন্য অপৰাধ সংঘটিত হ’ব বুলি পৰিয়ালবৰ্গই হয়তো কেতিয়াও কল্পনাই কৰিব পৰা নাছিল ৷ জানিব পৰা মতে সোমবাৰে সন্ধিয়া দুয়ো কণমানিয়ে পাটিয়া ৰে’লৱে ষ্টেচনলৈ গৈছিল আৰু ৰে’লৱে ষ্টেচনলৈ যোৱাই যেন কাল হ’ল দুয়োগৰাকীৰ বাবে ৷ কিয়নো সেই সময়ত যেন নাবালিকা দুগৰাকীৰ অপক্ষাত ৰে’ল ষ্টেচনত ৰৈ আছিল দুই অসৎ চৰিত্ৰৰ লোক ৷

প্ৰথমে নাবালিকা দুগৰাকীক ৰে’ল ষ্টেচনৰ পৰাই অপহৰণ কৰি অভাৰব্ৰিজলৈ লৈ যায় ৷ তাৰ পাছত প্ৰথমে অভিযুক্তই তেওঁলোকক ৰছীৰে বান্ধে ৷ তাৰ পিছত দুয়োৰে কামনাৰ বলি হয় দুই নাবালিকা ৷ কেৱল ধৰ্ষণ কৰাই নহয়, ধৰ্ষণ কৰাৰ পিছত তেওঁলোকক এই বিষয়ে কোনো ব্যক্তিক অৱগত কৰিলে প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰে ৷

তাৰ পিছত মঙলবাৰে পুৱাই দুই নাবালিকাক মুকলি কৰি দিয়ে আৰু ঘৰ পোৱাৰ লগে লগে নাবালিকা দুগৰাকীয়ে সকলো কথা বিৱৰী কয় পৰিয়ালবৰ্গৰ সন্মুখত ৷ ইফালে পৰিয়ালবৰ্গৰ সৈতে অভিযুক্তই মুখা-মুখি হোৱাত তেওঁলোকক কিছু টকা দিবলৈ চেষ্টা কৰে যাতে পৰিয়ালবৰ্গই এই খৱৰ ৰাজহুৱা নকৰে ।

কিন্তু চাইল্ডলাইনৰ বিষয়াসকলে যেতিয়া এই তথ্য লাভ কৰিছিল তেতিয়া সহকাৰী আৰক্ষী আয়ুক্ত আৰু ইনফ'চিটি আৰক্ষীক অৱগত কৰিছিল এই কথা । তাৰ পিছত ইনফ’চিটি আৰক্ষীৰ সহায়ত উদ্ধাৰ কৰা হয় ভুক্তভোগী কণমানি দুগৰাকীক । পৰৱৰ্তী সময়ত আৰক্ষী আৰু চাইল্ডলাইনৰ এটা দলে ভুক্তভোগী নাবালিকা দুগৰাকীক ক্ৰাইম স্পটলৈ লৈ যায় ।

লগতে পঢ়ক: Sexual harassment case : 60 উৰ্ধৰ ব্যক্তিৰ কামনাৰ বলি হৈ অন্তঃসত্বা হ’ল বিশেষভাৱে সক্ষম যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.